Breaking

অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণত এতিয়ালৈকে হোৱা ব্যয়ৰ হিচাব দিলে ট্ৰাষ্টে। ট্ৰাষ্টৰ একাউণ্টত জমা আছে ২০০০ কোটি টকা…

0 83

ভাৰতবাসীয়ে আগন্তুক বৰ্ষত লাভ কৰিব বহু চৰ্চিত অযোধ্যাৰ ৰাম মন্দিৰ। এতিয়া পূৰ্ণ গতিতত চলি আছে ৰাম মন্দিৰ নিৰ্মাণৰ কাম। কিন্তু সুবিশাল এই মন্দিৰ নিৰ্মাণত এতিয়ালৈকে কিমান টকা খৰচ হৈছে বাৰু? এই বছৰৰ মাৰ্চ মাহলৈকে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৯০০ কোটি টকা ব্যয় হৈছে। শ্ৰী ৰামজন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে এই কথা প্ৰকাশ কৰিছে। ৰাম মন্দিৰৰ নিৰ্মাণ ২০২০ চনৰ ৫ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল। তেতিয়াৰে পৰা ২০২৩ চনৰ ২৩ মাৰ্চলৈকে মন্দিৰ নিৰ্মাণৰ বাবে ৯০০ কোটি টকা ব্যয় কৰা হৈছে।পৃথিৱীৰ সৰ্ববৃহৎ ৰাম মন্দিৰটো অযোধ্যাৰ বহু চৰ্চিত ভূমিত নিৰ্মাণ কৰি থকা হৈছে। এই মন্দিৰ ৩৮০ ফুট দীঘল আৰু ২৫০ ফুট বহল। উচ্চতা ১৬১ ফুট। বিশাল মন্দিৰটো থাকিব ৩৯২ টা স্তম্ভত ।

মন্দিৰৰ ৪৬ খন দুৱাৰ চেগুনৰ কাঠেৰে নিৰ্মাণ কৰা হৈছে। গৰ্ভগৃহৰ দুৱাৰখন হ’ব সোণৰ । এই মন্দিৰ নিৰ্মাণৰ সামগ্ৰী পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অনা হৈছে। মন্দিৰ নিৰ্মাণৰ বাবে ধনো ভক্তসকলৰ দানৰ পৰা আহিছে।শ্ৰী ৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই কয় যে মন্দিৰটো অহা বছৰৰ ২২ জানুৱাৰীত উদ্বোধন কৰা হ’ব।

ৰাম মন্দিৰৰ নিৰ্মাণ চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। মন্দিৰৰ উদ্বোধনী অনুষ্ঠানটো ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব। শ্ৰী ৰামজন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ মুৰব্বীগৰাকীয়ে কয় যে ৰাম মন্দিৰ সমিতিৰ একাউণ্টত এতিয়াও ২,০০০ কোটি টকা জমা আছে।উল্লেখ্য লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিৰোধীৰ ইণ্ডিয়া মিত্ৰাৰ সৈতে ফেৰ মাৰিবলৈ বিজেপিয়ে ৰাম মন্দিৰৰ বিষয়টো অস্ত্ৰ হিচাবে ল’ব পাৰে। ৰাম মন্দিৰ নিৰ্মাণৰ সাফল্যৰ কথাৰে বিজেপি নেতৃত্বই আগন্তুক লোকসভা নিৰ্বাচনত হিন্দু ভোটৰ মেৰুকৰণ কৰাৰ লক্ষ্য কৰি লৈছে বুলিও বহুতে মন্তব্য কৰিছে।

Leave A Reply