মাৰ্চিয়েল আৰ্টত পদক অৰ্জনেৰে জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে দুই কণমাণি টিনা আৰু বিজিতে

গুৱাহাটীৰ বাইহাটা চাৰিআলিত অনুষ্ঠিত মাৰ্চিয়েল আৰ্টৰ  প্ৰতিযোগীতাত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দুই ভাতৃ ভগ্নীয়ে সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ জামুগুৰিহাটৰ উদ্ধবৰাচুক গাঁৱৰ কৃষ্ণ শইকীয়া আৰু কল্পনা শইকীয়াৰ দুই সন্তান ক্ৰমে ১১ বছৰীয়া জীয়ৰি টিনা শইকীয়া আৰু ৭ বছৰীয়া পুত্ৰ বিজিত শইকীয়াই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেবাগৰাকীও খেলুৱৈৰ লগত প্ৰতিদ্বন্দ্বীতা কৰি ৰূপৰ পদক অৰ্জনৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হৈছে ৷ চাইনিজ চাওলিঅন কুংফু ফেডাৰচনে আয়োজন কৰা এই প্ৰতিযোগীতাখনিত ৪১ কে:জি:ৰ শাখাত টিনা শইকীয়াই আৰু ৩১ কে:জি:ৰ শাখাত বিজিত শইকীয়াই এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ কেৱল মাত্ৰ তিনিমাহ প্ৰশিক্ষকৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি এনে অভাৱনীয় সফলতা লাভ কৰা দুই কণমানিৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে অভিভাৱকৰ লগতে জামুগুৰিবাসী ৰাইজ ৷ নৱবৰ্ষত ৰূপৰ পদক বিজয়ী দুই কণমাণি ১১ বছৰীয়া টিনা আৰু ৭ বছৰীয়া বিজিতে গুজৰাটত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চেম্পিয়নশ্বিপত অংশ গ্ৰহন কৰিব বুলি জানিব পৰা গৈছে৷দুয়োগৰাকী ভাতৃ ভগ্নীৰ এই সফলতাত জামুগুৰিহাটৰ বিভিন্ন দল সংগঠণ-অনুষ্ঠান-প্ৰতিষ্ঠানে শলাগ লৈছে ৷

Related Articles