গুৱাহাটী বিশ্ববিদ্যালয়ে লজ্জানত কৰিলে অসমৰ ক্ৰীড়া জগতক

১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ ২৯ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩। উক্ত গেমছত অমৃতসৰৰ গুৰুনানক দেৱ বিশ্ববিদ্যালয়ৰ পৰা ২৩৮ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি সৰ্ববৃহৎ দল হিচাপে চিহ্নিত হৈছে। চত্তিশগঢ়ৰৰ পৰা ১৫৬ জনীয়া দলে অংশগ্ৰহণ কৰি দ্বিতীয় স্থানত আৰু পাঞ্জাবৰ পৰা ১৫১ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি তৃতীয় স্থানত আছে। উত্তৰ পূৰ্বাঞ্চলৰ মনিপূৰৰ পৰা ১৮ জনীয়া দলটোৱে অংশগ্ৰহণ কৰি সন্মান ৰক্ষা কৰিছে। অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৬ জনীয়া বেডমিন্টন দলটোৱে অংশগ্ৰহণ কৰাৰ বাদে কোনো এখন বিশ্ববিদ্যালয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিলে।

যিটো সময়ত অসমৰ ক্ৰীড়াক ৰাজধানী হিচাপে গঢ় দিবলৈ বিচৰা হৈছে সেই সময়ত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয়ৰ খেল প্ৰতিযোগিতাত অসমৰ অংশগ্ৰহণ অতি লজ্জাজনক। নিজৰ ঘৰতে যেন খেলুৱৈসকল আলহী হৈ বহি থাকিবলগীয়া হৈছে। নিজৰ ৰাজ্যত খেল অনুষ্ঠিত কৰি নিজৰ খেলপথাৰ, নিজৰ পৰিৱেশ লৈ খেলুৱৈসকলে উন্নত প্ৰদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হলহেঁতেন। কিন্তু খেলুৱৈয়ে যেতিয়া প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰিব নোৱাৰে তেতিয়াহ’লে তেওঁলোকে ক’ত প্ৰদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হ’ব? এই কথাকে লৈ এতিয়া সৰ্বত্ৰতে চৰ্চা আৰম্ভ হৈছে।

গুৱাহাটী বিশ্ববিদ্যালয়ে উক্ত প্ৰতিযোগিতাত কোনো এটা ইভেন্টতে এজনো খেলুৱৈ অংশগ্ৰহণ কৰিব নোৱাৰাটো অসমৰ ক্ৰীড়াৰ ফোপোলা স্বৰূপ উদঙাই দিয়া দেখা গৈছে। ইয়াৰ কাৰণ কি বুলি প্ৰশ্ন উত্থাপন হৈছে। বিশ্ববিদ্যালয় সমূহত ক্ৰীড়াৰ পৰিৱেশ নাই নেকি? খেলুৱৈক খেলৰ বাবে সুবিধা দিব পৰা নাই নেকি? কিহৰ অভাৱত তেওঁলোকে আন্তঃমহাবিদ্যালয় খেল প্ৰতিযোগিতা আয়োজন কৰিব পৰা নাই? ইত্যাদি অনেক কথাই চৰ্চা লাভ কৰিছে। অইন ৰাজ্য সমূহৰ বিশ্ববিদ্যালয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য মাহ মাহ ধৰি অনুশীলন কৰি প্ৰতিযোগিতাত ভাগ লোৱা দেখা গৈছে। কিন্তু আমাৰ বিশ্ববিদ্যালয় সমূহে ক্ৰীড়াৰ ক্ষেত্ৰত যি অনিহা প্ৰকাশ কৰিছে সেয়া সচাকৈয়ে দূৰ্ভাগ্যজনক।

ইয়াৰ প্ৰধান কাৰণ হৈছে বিশ্ববিদ্যালয়ে যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰ দৰে আন্তঃমহাবিদ্যালয় খেল প্ৰতিযোগিতাত অনুষ্ঠিত নকৰা। ইয়াৰ বাবেই তেওঁলোকে খেলো ইণ্ডিয়াৰ দৰে সৰ্ববৃহৎ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিলে। সকলো ইভেন্টেৰ আন্তঃ মহাবিদ্যালয় প্ৰতিযোগিতা অবিহনে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা নাযায়। অসমত খেলো ইণ্ডিয়া গেমছ আয়োজনৰ তাৰিখ নিৰ্ধাৰণ হোৱাৰ আগতে আন্তঃ মহাবিদ্যালয় প্ৰতিযোগিতা সমূহ আয়োজন কৰিব লাগিছিল। ইয়াকে নকৰি নিজৰ ৰাজ্যত খেল অনুষ্ঠিত কৰি আলহীৰ দৰে বহি খেল উপভোগ কৰি থকাটো দূৰভাগ্যজনক।

আচলতে বিদ্যালয় সমূহত ক্ৰীড়াক বাধ্যতামূলক বিষয় হিচাবে অন্তৰ্ভূক্ত কৰিব পাৰিলেহে ক্ৰীড়াৰ উন্নতি সম্ভৱ হৈ উঠিব। ইয়াকে নকৰি বিশ্ববিদ্যালয় পৰ্যায়ত খেলুৱৈৰ অংশগ্ৰহণ বা উন্নত প্ৰদৰ্শন আশা কৰাটো আকাশত চাং পতাৰ দৰে কথা। খেলৰ জড়িয়তে মানব সম্পদ গঢ়িবলৈ হ’লে ক্ৰীড়াক তৃণমূল পৰ্যায়ৰ পৰাই বিজ্ঞান সন্মত ভাৱে লৈ যাব পাৰিব লাগিব। নিজৰ ৰাজ্যৰ বিশ্ববিদ্যালয়ত ক্ৰীড়াৰ দুখ লগা অৱস্থাৰ পিছতো খেলো ইণ্ডিয়াৰ দৰে সৰ্ববৃহৎ প্ৰতিযোগিতা অনুষ্ঠিত কৰি নিজৰ স্বৰূপ বাহিৰা ৰাজ্যৰ আগত উদঙাই দিয়াটো সচেতন ক্ৰীড়া প্ৰেমীয়ে সহজ ভাৱে মানি ল’ব পৰা নাই।

Related Articles