Breaking

তামুলপুৰত আগন্তুক স্বাধীনতা দিৱসৰ ব্যাপক কুজকাৱাজ…

0 114

আজাদী কা অমৃত মহোৎসৱ ৰ সৈতে সংগতি ৰাখি ঘৰ ঘৰ জাতীয় পতাকা শীৰ্ষক শ্লোগান লৈ জন জাগৰন সৃষ্টি কৰিবলৈ আৰক্ষী প্ৰশাসনেও বাইক ৰেলী সজাগতা সভা আদি গ্ৰহণ কৰিছে ৷ইপিনে ১৫ আগষ্টৰ দিনা তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপনৰ কাৰণেও তামুলপুৰ আৰক্ষীয়ে ও আখৰা আৰম্ভ কৰিছে ৷

মাৰ্চ ফাষ্টৰ অভিবাদন জনাবলৈ অসম আৰক্ষীৰ জোৱানকে ধৰি স্কুল কলেজৰ ছাত্ৰছাত্ৰী সহ দহটাকৈ পেৰেডৰ দল সাজু কৰি তুলিছে ৷ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বেণ্ডৰ দল সহ আখৰা চলি আছে ৷

আৰক্ষী অধীক্ষক পংকজ যাদৱে নিজে আখৰা চোৱাচিতা কৰিছে ৷ তেও আশা প্ৰকাশ কৰিছে পোন্ধৰ আগষ্টৰ স্বাধীনতা দিৱসত আৰক্ষীয়ে সফলতাৰে তেওঁলোকৰ মাৰ্চ ফাষ্টৰ কুচকাৱাজ সুন্দৰ ভাৱে পৰিৱেশন কৰি স্বাধীনতা দিৱসটি সফল কৰি তুলিব পাৰে।

Leave A Reply