প্রাচীৰ পত্রিকা উন্মোচন
আজি বৰপেটা শিক্ষাখণ্ডৰ অন্তৰ্গত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত প্রাচীৰ পত্রিকা উন্মোচনৰ উদ্দেশ্য আগত ৰাখি সন্ধিয়া ৫ বজাত এখনি সভা অনুষ্ঠিত হৈ যায়। সভাত উপস্থিত থাকে বৰপেটা জিলা সমগ্র শিক্ষাৰ জিলা আচঁনি বিষয়া ৰঞ্জন দাস, বৰপেটা শিক্ষা খণ্ডৰ সহপৰিদর্শিকা নিয়তি পাঠক, খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাস আৰু সমগ্ৰ শিক্ষাৰ সহ প্ৰকল্প বিষয়া নাছিৰুদ্দিন আহমেদ।

বৰপেটা বাৰাদিস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় প্ৰাঙ্গনত অনুস্থিত হোৱা এই সভাখনত ১২৬ গৰাকী ছাত্ৰী আৰু ১২ গৰাকী শিক্ষয়িত্ৰীও উপস্থিত থাকে। বিদ্যালয়খনৰ ছাত্রীসকলৰ বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক দিশত প্রতিভাবিকাশষ উদ্দেশ্য আগত ৰাখি প্রস্তুত কৰা প্রাচীৰ পত্রিকাখন উন্মোচন কৰে বৰপেটা সমগ্র শিক্ষাৰ জিলা আচঁনি বিষয়া ৰঞ্জন দাসে। তেওঁ ছাত্ৰীসকলৰ সহৃদয় সহযোগীতাত সফলভাবে এক আটকধুনীয়া প্রাচীৰ পত্রিকা ৰপায়ন কৰা বাবে ছাত্রীসকলৰ লগতে শিক্ষয়িত্রী সকলোকো অভিনন্দন জনোৱাৰ লগতে তেঁওলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

সভাত সহপৰিদর্শিকা নিয়তি পাঠকে শিক্ষাৰ্থীসকলৰ শৈক্ষিক বিকাশৰ লগতে সহবিদ্যায়তনিক দিশতো গুৰুত্ব দি এক ভাষণ আগবঢ়ায়। সভাত উপস্হিত থাকি খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাসে ছাত্ৰী আৰু উপস্থিত শিক্ষয়িত্ৰী সকলৰ লগত মত বিনিময় কৰে । লগতে আগন্তুক গুণোৎসৱৰ বিভিন্ন দিশ সম্পৰ্কে বিষদভাৱে আলোচনা কৰে। উল্লেখযোগ্য যে বৰপেটা শিক্ষা খণ্ডৰ এইখন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ পৰা বিগত বৰ্ষত ১০০% ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল য’ত এগৰাকী ছাত্ৰী ডিষ্টিংছন আৰু এগৰাকী ছাত্ৰী ষ্টাৰ নম্বৰ লৈ সুনাম অৰ্জন কৰিছিল।

