Breaking

শীত আহিব ছালৰ যতন‌ দুগুণ বাঢ়িব । শীত কালত ছাল খনৰ যত্ন লোৱাৰ কেইটামান সহজ সৰল পৰামৰ্শ…

0 353

আকৌ শীত। এই শীতত আমাৰ প্ৰায় সকলোৰে ছাল শুকান আৰু খহটা হৈ পৰে। ওঁঠযুৰি ফাটে, কিছুমানৰ ভৰিৰ গেৰুৱা ফটা দেখা যায়। আপুনিও বাৰু এনেবোৰ সমস্যাত ভোগে নেকি ? যদি হয়, তেন্তে চিন্তাৰ কোনো কাৰণ নাই। কাৰণ আমি যদি নিয়মীয়াকৈ প্রাকৃতিক উপাদানেৰে অলপ পৰিচর্যা কৰো, তেন্তে এনেবোৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিম। গতিকে এই শীতত আপোনাৰ এই সমস্যাবোৰ দূৰ কৰি কেনেকৈনো আপোনাৰ সৌন্দৰ্য্যক ধৰি ৰাখিব।

ছাল

ছালৰ পৰিচর্যা কৰাৰ আগতে আমি আমাৰ ছালৰ-ধৰণ জানি লোৱাটো অত্যন্ত জৰুৰী। আমাৰ শৰীৰৰ ছাল সাধাৰণতে চাৰি প্ৰকাৰৰ হয়। স্বাভাৱিক ছাল, তেলেতীয়া ছাল, শুকান ছাল আৰু মিশ্র ছিল। ছালৰ ধৰণ যিয়েই নহওক কিয়, ছাল ক্লিনজিং, টোনিং আৰু ময়শ্বাৰাইজিং কৰাটো একান্ত প্রয়োজন। বজাৰত বিভিন্ন ধৰণৰ ক্লিনজাৰ, টোনাৰ আৰু ময়শ্বাৰাইজাৰ পোৱা যায়, কিন্তু আমি প্রকৃতিৰ পৰা পাব পৰা কিছুমান দ্রব্য ব্যৱহাৰ কৰি ছালখন সুস্থ, সবল আৰু উজ্জ্বল কৰি ৰাখিব পাৰো।

স্বাভাৱিক ছালৰ গৰাকীয়ে ক্লিনজাৰ হিচাপে কেঁচা গাখীৰ ব্যৱহাৰ কৰিব পাৰে। কপাহত কেঁচা গাখীৰ লগাই মুখখন পৰিষ্কাৰ কৰিব। টোনাৰ হিচাপে গোলাপজল আৰু ময়শ্বাৰাইজাৰ হিচাপে বিশুদ্ধ মৌজোল ব্যৱহাৰ কৰিব পাৰে। স্বাভাৱিক ছালৰ গৰাকীয়ে লেপন হিচাপে দুচামুচ কণীৰ হালধীয়া অংশ, এচামুচ চন্দন পাউডাৰ আপেলৰ ৰসেৰে মিহলাই এটা লেপন তৈয়াৰ কৰি ২০ মিনিটমানৰ বাবে লগালে ছাল উজ্জ্বল হ’ব। স্বাভাৱিক ছালৰ গৰাকীয়ে এইখিনি পৰিচৰ্যা কৰিলেই শীতকালত হ’ব পৰা সমস্যাৰ পৰিত্ৰাণ পাব পাৰিব।

আমি সকলোৱে জানো যে তেলেতীয়া ছালৰ গৰাকীৰ ছালৰ পৰা ছিবাম বেছিকৈ নিৰ্গত হয়। ছিবাম হ’ল ছালৰ তৈলগ্রন্থিৰ পৰা নিৰ্গত হোৱা এবিধ তেল। গ্রীষ্মকালত তেলেতীয়া ছালৰ গৰাকীৰ তৈলগ্রন্থিৰ পৰা ছিবাম বেছিকৈ নিৰ্গত হয়, কিন্তু শীতকালত ইয়াৰ পৰিমাণ কমি যায়। শীতত ছিবাম কমকৈ নিৰ্গত হোৱাৰ কাৰণে তেলেতীয়া ছালৰ গৰাকীৰ ছালো শুকান হৈ পৰা দেখা যায়। তেলেতীয়া ছালৰ গৰাকীয়ে ছালখন পৰিষ্কাৰ কৰি ৰাখিবলৈ তিয়ঁহৰ ৰস ব্যৱহাৰ কৰিব পাৰে। টোনাৰ হিচাপে পদিনা পাতৰ ৰস আৰু ময়শ্বাৰাইজাৰ হিচাপে মৌজোলৰ লগত সামান্য নিমপাতৰ ৰস মিহলাই লগালে শীতকালত ছাল উজ্জ্বল আৰু সমস্যাবিহীন হৈ থাকিব। তেলেতীয়া ছালৰ গৰাকীয়ে এচামুচ মুলতানী মাটিৰ লগত এচামুচ কণীৰ বগা অংশ তিয়হৰ ৰসৰ লগত মিহলাই লেপন তৈয়াৰ কৰি লগালে উপকৃত হ’ব।

শীতত শুকান ছালৰ গৰাকীয়ে বিভিন্ন ধৰণৰ সমস্যাত ভোগা দেখা যায়। জলবায়ুত ময়শ্বাৰাইজাৰৰ অভাৱৰ হেতুকে শুকান ছাল আৰু অধিক শুকান হৈ পৰে। এই ছালৰ গৰাকীয়ে ক্লিনজাৰ হিচাপে গাখীৰৰ সৰ ব্যৱহাৰ কৰিলে খুব ভাল ফল পাব। টোনাৰ হিচাপে গোলাপজলৰ লগত অকণমান মাখন ব্যৱহাৰ কৰিব পাৰে। ঘৰুৱা ময়শ্বাৰাইজাৰ হিচাপে পকা অমিতা আৰু মৌজোলৰ মিশ্রণ ব্যৱহাৰ কৰিব পাৰে। মাজে সময়ে বিশুদ্ধ নাৰিকলৰ তেলো ব্যৱহাৰ কৰিব পাৰে। লেপন হিচাপে এচামুচ মটৰ দাইলৰ বেচন, চাৰি টোপাল অলিভ অইল আৰু দুচামুচ কণীৰ হালধীয়া অংশ মিহলাই লেপন তৈয়াৰ কৰি ২০ মিনিটমানৰ বাবে লগালে শুকান ছাল লাহে লাহে স্বাভাৱিক হোৱাৰ লগতে উজ্জ্বল হ’ব।

মিশ্র ছালত আকৌ দুই ধৰণৰ ছাল মিলিত হৈ থাকে। কপাল, নাক আৰু থুঁতৰিৰ অংশ তেলেতীয়া, যাক আমি ‘T-Zone’ বুলি মানো আৰু মুখৰ বাকী অংশ স্বাভাৱিক বা শুকান ছাল হয়। এনেকুৱা ছালৰ গৰাকীৰ ক্ষেত্ৰত যি অংশ তেলেতীয়া, তাত তেলেতীয়া ছালৰ ক্লিনজাৰ, টোনাৰ আৰু ময়শ্বাৰাইজাৰ আৰু যি

অংশ স্বাভাৱিক হয় তাত স্বাভাৱিক বা শুকান ছালৰ ক্লিনজাৰ, টোনাৰ আৰু ময়শ্বাৰাইজাৰ ব্যৱহাৰ কৰিব লাগে। লেপনৰ ক্ষেত্ৰত ‘T- Zone’ত তেলেতীয়া ছালৰ লেপন আৰু বাকী অংশত স্বাভাৱিক বা শুকান ছালৰ লেপন লগাব লাগে।

আমাৰ মুখখনৰ গোটেই সৌন্দর্য লুকাই থাকে ওঁঠযুৰিত। গতিকে ইয়াৰ পৰিচৰ্য্যৰ খুবেই প্রয়োজন। বিশেষকৈ এই শীতৰ সময়ছোৱাত। এই সময়ত ওঁঠযুৰিৰ যতন নল’লে ওঁঠযুৰু ফাটি যায়। কিছুমান ওঁঠ ক’লা পৰি সৌন্দর্য স্নান হোৱা দেখা যায়। গতিকে শীতকালত ওঁঠৰ পৰিচর্যা কৰাটো খুবেই প্রয়োজন।

  • শীতকালত ৰাতি শোৱাৰ আগতে কেঁচা গাখীৰেৰে কপাহৰ সহায়ত সদায় পৰিষ্কাৰ কৰিব। কেঁচা গাখীৰ খুবেই কাৰ্যকৰী। কেইটোপালমান গ্লিচাৰিণ আৰু সম পৰিমাণৰ গোলাপজল মিহলি কৰি ওঁঠত লগাওক। ওঁঠ ফটাৰ পৰা মুক্তি পাব।
  • শীতকালত সপ্তাহত দুদিন গুলপীয়া ৰঙৰ গোলাপৰ পাহিৰ লগত গাখীৰ মিহলাই এটা লেপন তৈয়াৰ কৰি ১৫/২০ মিনিটমানৰ বাবে ওঁঠৰ লগাবচোন। গোটেই শীতকালত আপোনাৰ ওঁঠযুৰি নিমজ আৰু উজ্জ্বল হৈ থাকিব।
  • এই সময়ত বহুতৰে ওঁঠ ক’লা পৰা দেখা যায়। এনেকুৱা হ’লে নিয়মীয়াকৈ কেইটোপালমান নেমুৰ ৰসৰ লগত মৌজোল মিহলাই লগালে ওঁঠৰ ৰং স্বাভাৱিক হ’ব।
  • শীতকালত ওঁঠত বাদামৰ তেল লগালে ওঁঠৰ ছাল ভালে থাকে।
  • শীতৰ সময়ছোৱাত ওঁঠত ভাল কোম্পানীৰ ময়শ্বাৰাইজাৰ লগাব লাগে। অথবা ঘৰুৱাভাৱে যদি আপুনি মইষ্ট কৰি ৰাখিব বিচাৰে, তেন্তে ওঁঠত মৌজোল লগাব।

দিনৰ ভাগত যেতিয়া লিপ্‌ষ্টিক লগাব, ছান প্রটেকচন ফেক্টৰ চমুকৈ এছ পি এফ যুক্ত লিপ্‌ষ্টিকহ ব্যৱহাৰ কৰিব। ভাল কোম্পানীৰ লিপষ্টিক, লিপবাম, লিপপেঞ্চিল ব্যৱহাৰ কৰিব লাগে।

শৰীৰৰ অন্যান্য অংশৰ ছালৰ তুলনাত ওঁঠৰ ছাল পাতল হয়। ওঁঠৰ একাধিক ছালৰ তৰপ নথকা হেতুকে শীতকালত বিশেষ যতন ৰখা দৰকাৰ।

শীতকাল আৰু ভৰিৰ গেৰুৱা ফটা এটা মুদ্রাৰ যেন ইপিঠি-সিপিঠি। শীতকালত প্রায় সকলোৰে ভৰিৰ গেৰুৱা ফটা দেখা যায়। কিছুমানৰ গেৰুৱা ইমান বেয়াকৈ ফাটে যে তেওঁলোকে গেৰুৱা লুকুৱাবলৈ চেষ্টা কৰিও বিফল হয়। যাৰ বাবে বহুতকে হীনমান্যতাত ভোগাও দেখা যায়। কিন্তু আমি যদি সাধাৰণ ঘৰুৱা যতন অলপ লওঁ, তেন্তে ভৰিৰ গেৰুৱা ফটা সমস্যাৰ পৰা হাত সাৰিব পাৰো।

সপ্তাহত দুদিনকৈ এটা পাত্ৰত কুহুমীয়া গৰম পানীত শ্বেম্পু আৰু বডি অইল মিহলাই ভৰি দুখন ১০ মিনিটমান জুবুৰিয়াই ৰাখিব। তাৰপিছত কোমল ব্ৰাছেৰে গেৰুৱাৰ লগতে গোটেই ভৰিখন ঘঁহিব। পিউমিক ষ্ট’নৰ সহায়ত ভৰিৰ গেৰুৱা লাহে লাহে ঘঁহিব। তাৰপিছত ভৰি দুখন শ্বেম্পু পানীৰ পৰা তুলি পুনৰ বেলেগ কুহুমীয়া পানীৰে ধুই পেলাব। এইবাৰ উন্নতমানৰ ফুটকেয়াৰ লোচন লগাব। গেৰুৱা ফটাৰ পৰা হাত সাৰিব পাৰিব। মাজে মাজে ভৰি দুখনত চাৰি চামুচ চাউলৰ গুড়ি, অকমান পুৰৈ শাকৰ ৰস আৰু নেমুৰ ৰস একেলগে মিহলাই ১০ মিনিট ৰাখি ধুই পেলাব। গেৰুৱা ফটা দূৰ হোৱাৰ লগতে ভৰিৰ সৌন্দর্য অটুট থাকিব। ৰাতি শোৱাৰ আগতে ভৰি দুখনত গোলাপজল আৰু সম পৰিমাণৰ গ্লিচাৰিণ মিহলাই ভৰিত লগাবচোন! মেজিকৰ নিচিনা কাম কৰিব।

ভৰি ফটাৰ পৰা দূৰত থাকিবলৈ হ’লে আমি কিছুমান সাধাৰণ নিয়ম মানি চলা উচিত।

ভৰি বুলি অৱজ্ঞা নকৰি ভৰিত কেতিয়াও সাধাৰণ/সস্তীয়া ক্রীম ব্যৱহাৰ নকৰিব। সদায় সূতাৰ মোজা ব্যৱহাৰ কৰিব। প্রতিদিনে মোজ ব্যৱহাৰৰ পিছত ধুব লাগে অর্থাৎ সদায় পৰিষ্কাৰ মোজা পিন্ধা উচিত।

এই ভৰি দুখনেই কঢ়িয়াই ফুৰে আমাৰ শৰীৰৰ গোটেই ভৰ। গতিকে ইয়াক কেতিয়াও অৱজ্ঞা নকৰিব। আৰু এটা কথা, এই নিয়মবোৰ মানি চলিলে আপুনি আৰু কেতিয়াও ভৰি ফটা ঢাকিবলগীয়া নহ’ব।

লেখিকা: প্ৰণামী দাস অধিকাৰী।

Leave A Reply