Breaking

২১লিটাৰ তেলেৰে অযোধ্যাত জ্বলোৱা হ’ল পৃথিৱীৰ আটাইতকৈ বৃহৎ বন্তিগছি…

0 37

অযোধ্যাত জ্বলোৱা হ’ল পৃথিৱীৰ আটাইতকৈ বৃহৎ বন্তিগছি । ১,০০৮ টন মাটিৰে নিৰ্মিত এইগছি বন্তিয়ে পোহৰ দিবলৈ প্ৰয়োজন হৈছে ২১লিটাৰ তেল।

২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। লোকে লোকাৰণ্য হৈ পৰিছে ৰাম জন্মভূমি। দেশৰ বহু VIP, VVIP, ৰাজনৈতিক নেতা, অভিনেতা-অভিনেত্ৰী, ক্ৰীড়াবিদৰ পৰা সকলোৰে লক্ষ্য হৈ পৰিছে অযোধ্যা। ইতিমধ্যে অযোধ্যাত ভৰি পৰিছে দেশৰ ভিন্নপ্ৰান্তৰ হাজাৰ-হাজাৰ সাংবাদিক, সংবাদকৰ্মী। সকলোৰে অপেক্ষা ২২ জানুৱাৰীলৈ।

সোমবাৰে দুপৰীয়া ১২:১৫ৰ পৰা ১২:৪৫ বজাৰ ভিতৰত শ্ৰীৰামৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি পাঁচজন লোক গৰ্ভগৃহত উপস্থিত থাকিব ৪গৰাকীকৈ লোক।

Leave A Reply