Theatre natasurjya: থিয়েটাৰ নটসূৰ্যৰ শুভ মহুৰত অনুষ্ঠানঃ ভ্ৰাম্যমাণৰ মঞ্চ কপাবলৈ সাঁজু “নটসূৰ্য থিয়েটাৰ”।

অসমৰ ভ্ৰাম্যমাণ জগতৰ (Theatre natasurjya) এটা চিনাকি নাম নটসূৰ্য থিয়েটাৰ। চৰাইদেউ জিলাৰ সাপেখাতী চাৰিআলি এটা মফচলীয়া অঞ্চলৰ পৰা বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে যাত্ৰা আৰম্ভ কৰি নটসূৰ্য থিয়েটাৰে এইবাৰ স-গৌৰৱে ২৪ তম নাট্যবৰ্ষত ভৰি দিছে। আৰু বিগত বৰ্ষ সমূহৰ দৰে চলিত নাট্যবৰ্ষতো ভ্ৰাম্যমাণৰ মঞ্চ কপাবলৈ সাঁজু হৈছে নটসূৰ্য থিয়েটাৰ।

কালি সন্ধিয়া নটসূৰ্য ফনী শৰ্মা পুণ্য তিথিত আখৰা শিবিৰ উদ্বোধন কৰে সাংস্কৃতিক তথা সামাজ কৰ্মী বাণী চাংমায়ে। বিপুল মহন্ত,ফনিন্দ্ৰ শইকীয়াই আতধৰা শুভাৰম্ভ অনুষ্ঠান অৱসৰপ্ৰাপ্ত শিক্ষক অৰুণ গগৈ, প্ৰশান্ত ফুকন, হৰেন গগৈ কে প্ৰমূখ্য কৰি ভালে সংখ্যা ব্যক্তি উপস্থিত থাকে।সাপেখাতী অঞ্চলৰ সাংস্কৃতিক কৰ্মী জগদীশ গগৈয়ে প্ৰয়োজনা কৰা নটসূৰ্য থিয়েটাৰৰ এইবাৰৰ নাট্য বৰ্ষৰ বাবে বলিষ্ঠ নিবেদন নাট্যকাৰ ক্ষীতিশ বৰাৰ “চিলা” প্ৰতুল ভূঞাৰ “আপোন মানুহ” আৰু বিবেক ৰাজৰ “ৰাধা বিহীন বৃন্দাবন” শীৰ্ষক তিনিখন ভিন্ন স্বাদৰ সামাজিক নাটক ভ্ৰাম্যমাণৰ দৰ্শকৰ বাবে আগবঢ়াইছে।

কুশল শইকীয়া, জিতেন কোঁৱৰ, বিৰাজ দত্ত, জিন বৰদলৈ, ঋতুৰাজ ডেকা, ইন্দ্ৰকমল ডেকা, পলাশ হাজৰিকা, কৌশিক শইকীয়া, স্বনম বড়ো, স্বাগতা বৰুৱা, জোন দেউৰী,ৰাতুল গগৈ আদি বহু জনপ্ৰিয় আৰু দক্ষ ন-পুৰণি অভিনেতা-অভিনেত্ৰীৰ অভিনয় এইবাৰ নটসূৰ্য থিয়েটাৰ মঞ্চত দেখিবলৈ পাব।ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত নাট প্ৰদৰ্শন কৰিব ভ্ৰাম্যমাণ দলটোৱে। হাঁহি-কান্দোন, একচন- ৰোমান্স আদি ভিন্ন ৰসৰ সমাহাৰ ঘটা নাট কেইখনে দৰ্শক ৰাইজৰ সমাদৰ লাভ কৰিব বুলি যথেষ্ট আশাঁবাদী থিয়েটাৰ খনৰ প্ৰযোজক, পৰিচালক আৰু কলা-কুশলীসকল।

Related Articles