Breaking

শিৱসাগৰৰ নাজিৰা আইদেউবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড; চুৰৰ সন্ধানত ঘটনাস্থলীত উপস্থিত গেলেকী আৰক্ষী

0 91

এইবাৰ চোৰৰৰ চকু পৰিল শিক্ষানুষ্ঠানত৷ মঙলবাৰে নিশা শিৱসাগৰৰ নাজিৰা আইদেউবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰে এটা কম্পিউটাৰ মণিটৰ, চাৰিটা কম্পিউটাৰৰ বেটাৰী আৰু এটা স্কেনাৰ চুৰি কৰি লৈ যায়৷

বিদ্যালয় চৌহদত চুৰৰ ভৰিৰ খোজো দেখিবলৈ পোৱা গৈছে৷ চুৰি ঘটনাৰ সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই গেলেকী আৰক্ষী থানাত এখন লিখিত অভিযোগ দাখিল কৰিছে৷

ইতিমধ্যে গেলেকী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে৷

Leave A Reply