তামুলপুৰৰ(Tamulpur) কাউলীৰ এটা নলাৰ পৰা আজি পুৱা উদ্বাৰ হয় চুৰি হোৱা(Theft) দুচকীয়া বাহন(Bike)। পানীত ডুবি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি কুমাৰীকাটা আৰক্ষীৰ সহযোগত পানীত ডুবি থকাৰ পৰা উদ্বাৰ কৰে AS-25-L-3225 নম্বৰৰ বাহন খন।এসপ্তাহ পূৰ্বে অঞ্চলটোৰ লক্ষ্মী মেলাৰ পৰা অতি কৌশলেৰে চুৰে লৈ গৈছিল শজল ধৰ নামৰ লোকজনৰ বাহন। এসপ্তাহ পিছত এনেদৰে চুৰি হোৱা স্থানৰ পৰা প্ৰায় ২ কিলোমিটাৰ দূৰত্বত নলাৰ পৰা বাইকখন উদ্বাৰ হোৱা কাৰ্য্যই এতিয়া চিন্তিত কৰি তুলিছে সৰ্ব সাধাৰণ ৰাইজক।




