তিনিখন দোকানত প্ৰায় চাৰি লাখ টকাৰ সা-সামগ্ৰী লুট চোৰৰ।
মুকালমুৱাৰ বৰুৱাপুটাত নিশা চুৰিকাণ্ড সংঘটিত হয়। তিনিখনকৈ দোকানত চোৰে লুটি নিয়ে বহু টকাৰ সা সামগ্ৰী সহ নগধ ধন। গ্ৰীলৰ তলা ভাঙি দোকান কেইখনত সংঘটিত কৰে চুৰিকাণ্ড। কে.এম.এন্টাৰপ্ৰাইজ,চানবিয়াম অটোমোৱাইল আৰু ইণ্ডিয়ান কাৰ ফেচন নামৰ তিনিখন দোকানৰ পৰা চাৰি লাখ টকাৰ সামগ্ৰী লুটি লৈ যাই চোৰে।
চুৰিকাণ্ডৰ তদন্ত বিচাৰি মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী দোকানীয়ে।




