অচলৱস্থা ৰাজ্যৰ চিকিৎসালয়সমূহ । NHM

৬ মাৰ্চ, ২০২৫: ৰাজ্যৰ স্বাস্থ্য পৰিসেৱাত সংকট অব্যাহত ! National Health Mission (NHM)ৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে তেওঁলোকৰ বিভিন্ন দাবী লৈ তৃতীয় দিনতো কৰ্মবিৰতি পালন কৰি আহিছে, যাৰ ফলত ৰাজ্যৰ চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰসমূহত অচলাৱস্থা সৃষ্টি হৈছে ।

NHM কৰ্মচাৰীসকলে স্থায়ী নিযুক্তি, সপ্তম দৰমহা আয়োগ প্ৰয়োগ আদি বিভিন্ন দাবীৰ ভিত্তিত এই প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদৰ ফলত গুৱাহাটীৰ লগতে দৰং, শোণিতপুৰ, নগাঁও, যোৰহাট আদিসহ কেইবাটাও জিলা চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰত চিকিৎসা সেৱা ব্যাহত হৈছে।

ৰোগীৰ হাহাকাৰ, চৰকাৰক অনুৰোধ , কর্মবিৰতিৰ বাবে চিকিৎসালয়ত বহু ৰোগীয়ে চিকিৎসা নাপাই কষ্ট ভুগিব লগা হৈছে। চিকিৎসালয় অভ্যন্তৰত চিকিৎসা সেৱা ব্যাহত হোৱাত ৰোগী আৰু পৰিয়ালসমূহৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে।

এটা বিবৃতিত NHM কৰ্মচাৰীসকলে কয়, “আমাৰ হকবোৰ দিয়া, নহ’লে চিকিৎসালয়ৰ পৰা ওলাই ৰাজপথত প্ৰতিবাদ কৰিম।” তেওঁলোকে মুখ্যমন্ত্রী আৰু স্বাস্থ্য মন্ত্ৰীলৈ দাবীসমূহ শীঘ্ৰেই পূৰণ কৰিবলৈ অনুৰোধ জনাইছে।

Related Articles