Breaking

অসমৰ ৰচনাৰ ইতিহাস, লাচিত বৰফুকনৰ ওপৰত ৪২ লাখ ৰচনাৰে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম পঞ্জীয়ন

0 84

লাচিত বৰফুকনক লৈ ৪২ লাখৰো অধিক ৰচনাৰে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম পঞ্জীয়ন কৰি অসমে ইতিহাস ৰচনা কৰিলে।

আজি দিনৰ ১২ বজাত ব্ৰিটেইনৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ লিমিটেডৰ প্ৰতিনিধিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অভিলেখৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২২ চনৰ নৱেম্বৰ মাহত ১৭ শতিকাৰ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে অসমবাসীক ঘৰতে মাটিৰ চাকি জ্বলাবলৈ আহ্বান জনাইছিল।


১৬৭১ চনত ব্ৰহ্মপুত্ৰৰ ওপৰত ‘চৰাইঘাটৰ যুদ্ধ’ত লাচিত বৰফুকনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল যাৰ ফলত ৰাজা ৰামসিং-প্ৰথম নেতৃত্বত মোগল বাহিনীয়ে অসম পুনৰ দখল কৰাৰ দীৰ্ঘম্যাদী প্ৰচেষ্টাত বাধা প্ৰদান কৰিছিল।

মহান আহোম সেনাপতিৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অসম চৰকাৰে মুকলি কৰিছিল এটা মোবাইল এপ আৰু এটা ৱেব পৰ্টেল।

বিষয়াসকলৰ মতে, এই পৰ্টেল আৰু মোবাইল এপ্লিকেচনটো এনেদৰে সৃষ্টি কৰা হৈছিল যাতে বহিঃৰাজ্যকে ধৰি অসমৰ লগতে ৰাজ্যৰ বাহিৰৰ লোকসকলে লাচিত বৰফুকনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰে ৰাইট আপ আৰু ৰচনাৰ ৰূপত।

Leave A Reply