কামৰূপ,দৰং জিলাৰ সংগমস্থল বালিকুছিত ২৮২ সংখ্যক বালিকুছি সত্ৰ সভাৰ উদ্যোগত ৫ দিনীয়াকৈ বালিকুছি সভা উদযাপিত হৈ আছে। প্ৰতিবছৰে মাঘমাহৰ অমাৱস্যা তিথিৰ আগদিনাৰ পৰা আৰম্ভ হোৱা এই মেলা ৫ দিনিয়াকৈ উদযাপিত হৈ আছে।
বাৰেৰহনীয়া কাৰ্যসূচীৰে উদযাপিত মেলা উপভোগ কৰিবলৈ ৰাজ্যৰ লগতে দেশৰ ভিন্নপ্ৰান্তৰ পৰা অগনন লোকৰ আগমন হয়। ভিন্ন জাতি-ধৰ্মৰ সমন্নয়ৰে উখল-মাখল পৰিবেশ গীত-মাত ভিন্ন কাৰ্যসূচীৰে জীপালহৈ পৰা বালিকুছি সভা নামেৰে খ্যাত মেলাত বিভিন্ন প্ৰকাৰৰ বানিজ্যিক প্ৰতিষ্ঠানেৰে ভৰি পৰা পৰিলক্ষিত হৈছে।

অগনন লোকেৰে পৰিপূৰ্ণ বালিকূছি সত্ৰ সভাৰ সমূহ কাৰ্যসূচী সফল কৰিবলৈ উদযাপন সমিতিৰ সভাপতি হৰেশ্বৰ কলিতা আৰু সম্পাদক দিগন্ত ডেকাই ৰাইজক আহ্বান জনাই।