Breaking

কুকুৰ হ’বলৈ মন যায় নেকি…

0 44

সপোন থাকে। প্ৰতিজন ব্যক্তিৰে নিজা নিজা সপোন থাকে। কিন্তু এজন যুৱকৰ এক আচৰিত সপোন। যি সপোনৰ কথা শুনিলে আপুনিও আচৰিত হ’ব। এজন যুৱকৰ সপোন কুকুৰ হোৱা। সপোন পূৰণো কৰিলে। ১৮ লাখ টকা খৰছ কৰি মানুহৰ পৰা ‘কুকুৰ’ হৈ পৰিল। এই যুৱকজন হৈছে জাপানৰ। এক প্ৰতিবেদন অনুসৰি জেপেট নামৰ এটা কোম্পানীয়ে এই জাপানী যুৱকজনক কুকুৰৰ ৰূপত তৈয়াৰ কৰাত সহায় কৰিছে। এই কাম কৰিবলৈ কোম্পানীটোৱে মুঠ ৪০ দিন সময় লৈছিল।

এই ব্যক্তিজনে কলি জাতৰ কুকুৰৰ ৰূপ লৈছে। এই সন্দৰ্ভত কোম্পানীটোৰ মুখপাত্ৰই কয় যে এই ব্যক্তিজনক কলি কুকুৰৰ লাইনত নিৰ্মাণ কৰা হৈছে। চাৰি ভৰিৰে খোজ কাঢ়ি যোৱা প্ৰকৃত কুকুৰ যেন লাগে। মানুহৰ পৰা কুকুৰ হোৱা এই জাপানী যুৱকজনে কৈছে যে এয়াই তেওঁৰ জীৱনৰ সপোন আছিল।

এই ব্যক্তিজনে নিজৰ ইউটিউব চেনেলত ‘মই জন্তু হ’ব বিচাৰো’ নামৰ এটা ভিডিঅ’ও আপলোড কৰিছিল। তেওঁ শৈশৱৰ এটা চখ আছিল, কিন্তু তেওঁ বিচাৰা নাছিল যে তেওঁৰ চৌপাশৰ মানুহে এই চখৰ বিষয়ে জানক। মানুহে যদি গম পালেহেঁতেন তেন্তে মই কুকুৰ হ’ব বিচৰাটো আচৰিত কথা বুলি ভাবিলেহেঁতেন।


Leave A Reply