শৰীৰৰ বাবে পানী অতি গুৰুত্বপূৰ্ণ। পেটৰ বহু ৰোগৰ বাবে আৰু নিজকে সুস্থ ৰাখিবলৈ পানী অতি প্ৰয়োজনীয়।চিকিৎসকৰ মতে দৈনিক ৮-১০ গিলাচ পানী খাব লাগে। কিন্তু বহুতে ৰাতিপুৱা ব্ৰাছ নকৰাকৈ পানী খায়। ব্ৰাছ নকৰাকৈ পানী খোৱা অভ্যাসটো স্বাস্থ্যৰ বাবে উপকাৰী হয় নে? জানি লওক-
যদি আপুনি ব্ৰাছ নকৰাকৈয়ে পানী খায়, তেন্তে আপোনাৰ হজম শক্তি ভালে তাকে। লগতে আপোনাৰ খাদ্য সহজে হজম হয়। শৰীৰত জমা হোৱা বহুতো ৰোগ যেনে এলাহ, পিম্পল হোৱা, পেটৰ ৰোগ, বদহজমৰ সমস্যা সমূহো আঁতৰি যায়। আমি টোপনিৰ সময়ত অৰ্থাৎ ৭-৮ ঘণ্টাৰ পানী নাখাওঁ। এনে পৰিস্থিতিত প্ৰথমে ৰাতিপুৱা পানী খাব লাগে যাতে শৰীৰটো ভালে থাকে।
বাহি মুখত পানী খালে মুখ বীজাণুমুক্ত হৈ পৰে। লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। যদি আপুনি বাহি মুখেৰে পানী খায় তেন্তে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব। আপুনি সোনকালে চৰ্দি বা কাহো নহ’ব।
ৰাতিপুৱা বাহি মুখত পানী খালে উচ্চ বি পি আৰু চুগাৰৰ দৰে ৰোগৰ পৰা হাত সাৰিব পাৰি। লগতে ৰাতিপুৱা পানী খালে মেদবহুলতাৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰি। যদি আপুনি ওজন কমাব বিচাৰে, তেন্তে বাহি মুখত পানী খাব।
মুখ শুকালে মুখৰ দুৰ্গন্ধ হয়। এনে পৰিস্থিতিত যদি আপুনি ৰাতিপুৱা সাৰ পাই বাহি মুখেৰে পানী খায়, তেন্তে বহু সমস্যাৰ পৰা হাত সাৰিব পাৰিব। প্ৰয়োজন অনুসৰি পানী নাখালে মুখ শুকান সমস্যাৰ সৃষ্টি হয়, গতিকে ৰাতিপুৱা সাৰ পোৱাৰ পিছত পানী খাবই লাগে।