Breaking

ধেমাজিত গীত-মাতেৰে কৰ্কট ৰোগৰ সজাগতাৰ আহ্বান জনালে বৰষাৰাণী বিষয়া-জীনা ৰাজকুমাৰীয়ে

0 38

কৰ্কট ৰোগৰ সজাগতাৰ হকে কাম কৰি অহা ডিব্ৰুগড়ৰ প্ৰতিশ্ৰুতি কেন্সাৰ এণ্ড পেলিয়েটিভ ষ্ট্ৰাষ্ট চমুকৈ ‘প্ৰতিশ্ৰুতি’ৰ উদ্যোগত আৰু ধেমাজি স্বাস্থ্য সমাজৰ সহযোগত আজি ৪ ফেব্ৰুৱাৰীত বিশ্ব কৰ্কট দিৱস পালন কৰা হয়৷ এই দিৱস উপলক্ষে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত জিলাখনৰ তিনি শতাধিক আশা কৰ্মী, এনএম, অংগনবাড়ী কৰ্মীসকলৰ উপস্থিতিত আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ সভাত মুখ্য অতিথি হিচাপে বিশিষ্ট অসমীয়া বোলছবি অভিনেত্ৰী তথা ‘প্ৰতিশ্ৰুতি’ৰ ‘ছেভ লাইভ ব্ৰেণ্ড এম্বেছাদৰ’ বৰষাৰাণী বিষয়া আৰু বিশিষ্ট লোকসংগীতৰ শিল্পী জীনা ৰাজকুমাৰীয়ে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়৷ সভাত ‘প্ৰতিশ্ৰুতি’ৰ ছেভ লাইভ ব্ৰেণ্ড এম্বেছাদৰ বৰষাৰাণী বিষয়াই ‘প্ৰতিশ্ৰুতি’ৰ স’তে কাম কৰিবলৈ অত্যন্ত সুখী বুলি মত প্ৰকাশ কৰি নিজৰ অভিজ্ঞতাৰে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ কৰি জয়ী হোৱা সকলৰ লগতে সজাগতাৰ হকে কাম কৰি অহা সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰি ভাষণত কয় যে এবছৰত বিশ্বত এক কোটি লোকৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়, যিটো অত্যন্ত উদ্বেগজনক৷ এই ৰোগ যদিহে প্ৰাথমিক পৰ্যায়ত ধৰা পৰে তেন্তে সম্পুৰ্ণৰূপে বচাৰ সম্ভাৱনা আছে৷ কিন্তু ইয়াৰ বাবে আমাৰ মাজত বিশেষকৈ সজাগতাৰ প্ৰয়োজন৷ আনহাতে কৰ্কট বিজয়িনী তথা বিশিষ্ট লোকসংগীতৰ শিল্পী জীনা ৰাজকুমাৰীক এই সভাতেই প্ৰদান কৰা হয় কৰ্কট বিজয়িনী সন্মান। নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি এই ৰোগৰ সজাগতাৰ মাজেৰে অনেক মৃত্যুৰ হাৰ ৰোধ কৰাটো সম্ভৱ বুলি শিল্পী গৰাকীয়ে বক্তব্য আগবঢ়ায়৷ ‘প্ৰতিশ্ৰুতি’ৰ যুটীয়া সম্পাদক তথা সাংবাদিক ৰতন হাজৰিকা আৰু ধেমাজি ছোৱালী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা লাৱণ্য লাহনে আঁত ধৰা এই সভাত আদৰণি ভাষণ প্ৰদান কৰে ‘প্ৰতিশ্ৰুতি’ৰ উপসভাপতি দীপালি শইকীয়াই৷ অনুুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি এএমচিএইচৰ পেথল’জি বিভাগৰ সহযোগী অধ্যাপক তথা ককৰ্ট ৰোগৰ বিশিষ্ট গৱেষক ডাঃ গায়ত্ৰী গগৈ আৰু ধেমাজি জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ সৌৰভ গগৈয়ে কৰ্কট ৰোগৰ বিভিন্ন কাৰণ আৰু প্ৰতিকাৰৰ উপায় তথা চৰকাৰী আঁচনিসমূহৰ ওপৰত, ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ বিনোদ বৰাই ৰোগীয়ে সঠিক সময়ত চিকিৎসা গ্ৰহণ কৰি মানসিক দৃঢ়তাৰে কিদৰে ৰোগটোৰ পৰা বাচিব পাৰি আৰু ‘প্ৰতিশ্ৰুতি’ৰ উপশমী চিকিৎসাৰ আহ্বায়ক ডাঃ জি.এছ. বৰগোহাঁয়ে ৰোগটোৱে আক্ৰমণ কৰাৰ তৃতীয় পৰ্যায়ৰ পিছত কিদৰে মৃত্যুপৰ্যন্ত উপশমী চিকিৎসাৰ জৰিয়তে ৰোগী তথা ঘৰখনক উদ্ধাৰ কৰিব পাৰি সেই সম্পৰ্কত মূল্যৱান বক্তব্য আগবঢ়ায়৷ জিলা প্ৰশাসনৰ হৈ উপস্থিত থকা অতিৰিক্ত সহকাৰী আয়ুক্ত টিলিনা টাইড উপস্থিত থাকি অনাগত দিনত এনেধৰণৰ সজাগতাৰ কামত ‘প্ৰতিশ্ৰুতি’ক সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰে৷

অনুষ্ঠানত জীনা ৰাজকুমাৰীয়ে পৰিৱেশন কৰা সুমধুৰ লোকসংগীতৰ তালত অভিনেত্ৰী বৰষাৰাণী বিষয়াই নাচি-বাগি সকলোকে আপ্লুত কৰে৷ উক্ত অনুষ্ঠানতে সংগঠনটোৰ তৰফৰ পৰা এএমচিএইচৰ শিশুৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ জলি ৰাভাক ‘প্ৰতিশ্ৰুতি’ অংকল’জি কনছালটেন্ট এৱাৰ্ড’ উপস্থিত মুখ্য অতিথিৰ দ্বাৰা প্ৰদান কৰা হয়৷ শেৱালি চেতিয়া বৰগোহাঁয়ে শলাগ জ্ঞাপন কৰা অনুষ্ঠানত বিগত বৰ্ষত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা ধেমাজিৰ উমাকান্ত সোণোৱালৰ পত্নী পিংকুমনি নৰহৰ একমাত্ৰ সন্তানক চোৱা-চিতাৰ বাবে সহায়ক হোৱাকৈ বৰষাৰাণী বিষয়াই পাঁচ হেজাৰ আৰু এৰাঢলৰ অংগণবাড়ী সহায়িকা মনালী দত্ত ডেকা আৰু গোগামুখৰ এন.এম. মিলুমনি গগৈয়ে গাইপতি দুহেজাৰকৈ নগদ ধন আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷

আনহাতে উক্ত অনুষ্ঠানতে ডিব্ৰুগড়ৰ চিৰিং চাপৰিৰ নিৱাসী অৱসৰপ্ৰাপ্ত কোষাগাৰ কৰ্মচাৰী শক্তি ভট্টাচাৰ্যই পিতৃ কৃষ্ণকান্ত কটকীৰ সোঁৱৰণত কৰ্কট ৰোগীৰ সেৱাৰ্থে নগদ বিশ হেজাৰ টকাৰ সাহাৰ্য্য ‘প্ৰতিশ্ৰুতি’লৈ আগবঢ়ায়৷ অনুষ্ঠানত ‘প্ৰতিশ্ৰুতি’ৰ সম্পাদক পান্না ভৰালীসহ সংগঠনটিৰ মুঠ ত্ৰিশজনীয়া দলে অংশগ্ৰহণ কৰাৰ লগতে ধেমাজিৰ স্বাস্থ্য বিভাগৰ ভালেকেইগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে৷

Leave A Reply