Breaking

নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীক আটক গোলকগঞ্জ আৰক্ষীৰ…

0 37

ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা। নিষিদ্ধ ড্ৰাগছ সহ আটক সৰবৰাহকাৰী আটক গোলকগঞ্জ আৰক্ষীৰ ।

গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি তামাৰহাট টাৰ্ণিঙত অভিযান চলায়।

অভিযানত এজন সৰবৰাহকাৰীক ৯ টা ব্ৰাউন ছুগাৰৰ কন্টেনাৰৰ সৈতে আটক কৰে। আটকাধীন যুবক জন হৈছে বানিয়ামাৰী গাঁৱৰ মফিজুৰ ৰহমান। ড্ৰাগছৰ লগতে তেওঁৰ পৰা তেৰ হাজাৰ টকা আৰু এখন বাইক উদ্ধাৰ কৰে। আটকাধীন মফিজুৰ ৰহমানে দীৰ্ঘদিনৰে পৰা ড্ৰাগছৰ ব্যৱসায় চলাই আছিল।

Leave A Reply