Breaking

দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী উৎসৱৰ আজি লাইখুটা স্থাপন

0 48

২০২৪বৰ্ষৰ ইংৰাজী ২,৩ আৰু ৪ মে’ ত তিনিদিনীয়া কাৰ্য্যসূচীৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দুলীয়াজানবাসীৰ সহযোগত হ’বলগীয়া কেন্দ্ৰীয় ৰঙালী উৎসৱৰ আজি দুলীয়াজান বিহুতলীৰ প্ৰাঙ্গনত লাইখুটা স্থাপন কৰা হয় ।আজি লাইখুটা স্থাপনত উপস্থিত থাকে কেন্দ্ৰীয় ৰঙালী উৎসৱৰ উদ্যোগতা সমিতিৰ সভাপতি অৰূপজ্যোতি শৰ্মা , কাৰ্য্যকৰী সভাপতি পৰাগ গগৈ ,দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে আদি কৰি বহুতো বিষয়ববীয়া সকল ।আনহাতে ২মে’ৰ পৰা অনুস্থিত হ’বলগীয়া কেন্দ্ৰীয় ৰঙালী উৎসৱৰ কাৰ্য্যসূচী অনুসৰি পুৱা ১০বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন , ১০:৩০বজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে জাতীয় সাজপাৰ প্ৰতিযোগিতা , মৌ- কুঁৱৰী আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুস্থিত হ’ব ।

৩মে’ তাৰিখে পিঠা-পনা প্ৰতিযোগিতা, বৰবিহুৱতী আৰু জেং বিহু প্ৰতিযোগিতা ।ইফালে ৪মে’ তাৰিখে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ অৰ্থাৎ দুলীয়াজানবাসী ৰাইজক গীতেৰে গুণমুগ্ধ কৰিব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ । লগতে নৱপ্ৰজন্মৰ শিল্পী ৰিচা ভৰদ্বাজৰ গীতৰ শৰাই ।অনুষ্ঠানটিৰ সফলভাৱে ৰূপায়ন কৰি তুলিবলৈ দুলীয়াজানবাসী ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা কামনা কৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে ৷

Leave A Reply