আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে উন্মোচন কৰা হয় ‘লোক সাহিত্য অউৰ সংস্কৃতি’ শীৰ্ষক এখনি হিন্দী ভাষাৰ গৱেষণামূলক প্ৰৱন্ধ সংকলন। বিশিষ্ট লেখিকা, সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্যই উন্মোচন কৰা গ্ৰন্থখনৰ সম্পাদনা ড০ চন্দনা শৰ্মা আৰু পঙ্খী সেনাপতিৰ ।

উন্মোচনী ভাষণত ভট্টাচার্য ই দুয়োগৰাকী লেখিকাক অভিনন্দন জনায় কয় যে সংস্কৃতি এখন নদীৰ দৰে সীমাবদ্ধ নহয় বৰং ই আকাশৰ দৰে, মেঘৰ দৰে বহল আৰু ব্য়াপক।নেপাল তথা ভাৰতৰ অসম, ৰাজস্থান, কৰ্ণাটকসহ বিভিন্ন ৰাজ্যৰ লোক সাহিত্য আৰু লোক সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যৰে হিন্দী ভাষাত এই গ্ৰন্থখন সম্পাদনা কৰি উলিওৱা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ অচ্যুত শৰ্মাই সভাপতিত্ব কৰা সভাখনত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা তথা গ্ৰন্থাগাৰ অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড০ খগেন শৰ্মাই গ্ৰন্থ খনে ভাৰত নেপাল সম্পৰ্ক অধিক সুদৃহ কৰিব বুলি আশা প্ৰকাশ কৰে। দিছপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক ড০ সঞ্জীৱ কুমাৰ শৰ্মা ই বিশিষ্ট অতিথি ৰ ভাষণত ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ গীতৰ কলি আওৰায় ভাষায় কেনেদৰে পাহাৰ ভয়ামৰ মিলন সেতু গঢ়ে সেই সত্য কে প্ৰমাণিত কৰিব বুলি কয় লোক সাহিত্যৰ এই গ্ৰন্হখনে।
অনুবাদ আৰু অসমৰ সাহিত্য ক হিন্দী ভাষাত প্ৰকাশ কৰি গ্ৰন্হ খনে অসমীয়া ভাষা ‘উজ্জ্বল সুজ্জল কহিনুৰ পিন্ধি হাহি জোতিৰুপা ‘ হোৱাৰ সপোনক বাস্তৱ ৰূপ দিয়াত আৰু একধাপ আগবাঢ়িল বলি ভাষণ প্রসংগ ত উল্লেখ কৰে। সভাত কটন মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ কুসুমকুঞ্জ মালাকাৰ আৰু ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ মন্ত্ৰী
ড০ ক্ষীৰোদা কুমাৰ শইকীয়াই ও শুভেচ্ছা মূলক চমু বক্তৃতা দিয়ে।
উন্মোচনী সভাখনত বিশিষ্ট নাট্যকাৰ-পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মা, বিশিষ্ট লেখিকা ড০ ৰেণু দেৱী, ড০ নন্দিনী শৰ্মা, জেহেৰুল ইছলাম শিকদাৰ, পাপৰি বৰুৱা, জাকিৰ হুছেইন, আদিৰ উপস্থিতিয়ে আজিৰ এই অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।