Breaking

দৰিদ্ৰতাক নেঁওচি জুয়ে পোৰা সোণ হৈ জিলিকিল জামুগুৰিহাটৰ ভৰ্ষিতা

0 58

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত জামুগুৰিহাটৰ মূঢ়াদল গাঁৱৰ মেধাৱী ছাত্ৰী ভৰ্ষিতা বৰা জুয়ে পোৰা সোণ হৈ জিলিকি উঠিল৷জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী ভৰ্ষিতা বৰাই ৯১ শতাংশ নম্বৰৰে ৫ টা বিষয়ত লেটাৰ নম্বৰ সহ সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

শৈশৱতে পিতৃহাৰা হোৱা অতি দৰিদ্ৰ পৰিয়ালৰ ভৰ্ষিতাৰ অন্য সহপাঠীৰ দৰে নাছিল এখন পঢ়া টেবুল; নাই এটি থকাৰ বাবে ভাল গৃহ৷দৰিদ্ৰতাক প্ৰত্যাহবান হিচাপে গ্ৰহণ কৰা ভৰ্ষিতাৰ মাতৃ মণি বৰা আৰু পেহীয়েকে অতি কষ্টৰে কোমল ধান সিজাই ৰ’দত শুকুৱাই চাউল বিক্ৰী কৰা আৰু তাঁতৰ শালত বোৱা গামোছা আৰু চাদৰ বিক্ৰী কৰা টকাৰেই ভৰ্ষিতাৰ পঢ়াৰ খৰছ বহণ কৰি আহিছিল৷অসমীয়াত ৯১,ইংৰাজীত ৮৫,ৰাজনীতি বিজ্ঞানত ৯৬,ভূগোলত ৯৩,অৰ্থনীতিত ৭৭ আৰু স্বদেশ অধ্যয়নত ৮৯ নম্বৰৰে ৫ টা বিষয়তে লেটাৰ মাৰ্ক লাভ কৰা ভৰ্ষিতাই অৰ্থনীতি বিভাগক মূল বিষয় হিচাপে লৈ উচ্চশিক্ষা লাভ কৰাৰ মন মেলিছে৷ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়তে নামভৰ্তি কৰি অধ্যয়ণৰ মন মেলা ভৰ্ষিতাৰ এই সফলতাই গৌৰাম্বিত কৰিছে সমগ্ৰ অঞ্চলবাসীক৷

Leave A Reply