Breaking

মৰিগাঁও জিলাত ৰূপায়িত বান আৰু খহনীয়া প্ৰতিৰোধী প্ৰকল্পসমূহ পৰিদৰ্শন জিলা আয়ুক্তৰ…

0 9

মৰিগাঁও জিলাত ৰূপায়িত বান আৰু খহনীয়া প্ৰতিৰোধী প্ৰকল্পসমূহ পৰিদৰ্শন জিলা আয়ুক্তৰ

বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম খৰতকীয়া কৰাৰ নিৰ্দেশ

মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি জিলাখনৰ বিভিন্ন ঠাইত সমাগত বাৰিষাৰ বতৰত বানৰ আশংকা থকা অঞ্চলসমূহ পৰিদৰ্শন কৰি বান প্ৰতিৰোধী প্ৰকল্পসমূহৰ কামৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ জিলাখনত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংক চমুকৈ এডিবিৰ ২৫০ কোটি টকা অৰ্থসাহায্যৰে নিৰ্মাণ কৰিবলগীয়া জিঅ’বেগ প্ৰকল্পৰ কামৰ সবিশেষ বুজ লয়। এই প্ৰকল্পৰ কাম কিছু আগবাঢ়িছে যদিও অহা নৱেম্বৰ মাহৰ পিছৰ পৰাহে পূৰ্ণগতিত চলিব। জিলা আয়ুক্তগৰাকীয়ে জলসম্পদ বিভাগৰ দ্বাৰা জিলাখনৰ বিভিন্ন ঠাই যেনে বৰডুবাটোপ, নাথগাঁও, কছাৰী গাঁও, গৰুবন্ধা, কাঠনি আদিত ৰূপায়িত বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিসমূহ পৰিদৰ্শন কৰে।

তেওঁ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাক লগত লৈ কৰা এই পৰিদৰ্শনকালত উক্ত অঞ্চলসমূহত ৰূপায়িত কামসমূহ খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে যাতে সম্ভাব্য বানৰ মোকাবিলা কৰিব পৰা যায়। তেওঁ কামৰ মানক লৈ কোনো ধৰণৰ আপোচ নকৰিবলৈও নিৰ্দেশ দিয়ে। অৱশ্যে তেওঁ বিভাগৰ কামৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে। স্মৰ্তব্য যে মৰিগাঁও জিলাত জলসম্পদ বিভাগে ৰূপায়ন কৰা বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ বাবে বিগত বৰ্ষত জিলাখনত বান পৰিস্থিতিৰ উদ্ভৱ নহ’ল। এইবাৰো জিলাখনত বান পৰিস্থিতিৰ সৃষ্টি নহ’ব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে মৰিগাঁও জিলাৰ ব্যাপক খহনীয়াপ্ৰৱন লাহৰীঘাট, মায়ং আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ নৈপৰীয়া ৰাইজৰ বাবে সুখবৰ কঢ়িয়াই আনি জলসম্পদ বিভাগে এ ডি বিৰ অৰ্থসাহায্যৰে জিঅ’বেগ প্ৰকল্প ৰূপায়ণৰ কাম অব্যাহত ৰাখিছে। প্ৰকল্পটো ৰূপায়ন হ’লে তিনিওটা ৰাজহ চক্ৰৰ ১৫ খন গাঁও প্ৰত্যক্ষভাৱে আৰু অৰ্ধশতাধিক গাঁও পৰোক্ষভাৱে উপকৃত হ’ব। তাৰ ভিতৰত লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনৰ কাঠনি, বগলীপাৰা আৰু পামবৰি, ভূৰাগাঁও ৰাজহ চক্ৰৰ অধীনৰ দীঘলীআটি, বৰহলৌকান্দা, বতাবাৰী, বালিডোঙাপাম, ভূৰাগাঁও ৰাজহ নগৰ, মহমাৰী পথাৰ, কপটিমাৰি আৰু টেঙাগুৰিকা চাৰিগাঁও আৰু মায়ং ৰাজহ চক্ৰৰ পাভকাটি, গৰুবন্ধা, বৰামাৰি গাঁও আৰু বৰমাৰিপাম গাঁও প্ৰত্যক্ষভাৱে উপকৃত হ’ব। এই প্ৰকল্প ৰূপায়ন হ’লে লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনৰ দক্ষিণ চেনীমাৰি, ৰজাগাধোৱা আদি গাঁৱৰ হাজাৰ হাজাৰ লোক তথা ভূৰাগাঁও আৰু মায়ং ৰাজহ চক্ৰৰ অৰ্ধশতাধিক গাঁৱৰ ৰাইজ পৰোক্ষভাৱে সুৰক্ষিত হ’ব।

Leave A Reply