হোলীৰ আনন্দই কাল হ’ল তামাৰহাটৰ এটা পৰিয়ালৰ…

তামাৰহাটৰ শগুণচৰা গাঁৱত শোকাবাহ ঘটনা। গংগাধৰ নদীত সন্ধানহীন বিশ্বজিৎ বেপাৰী নামৰ এজন কিশোৰ। হোলী খেলি তিনি বন্ধু মিলি নদীত গা ধুবলৈ গৈছিল বিশ্বজিৎ বেপাৰী নামৰ কিশোৰ জনেও। তাৰে দুজন ওপৰলৈ উঠি আহে যদিও বিশ্বজিৎ সন্ধানহীন হৈ পৰে গংগাধৰ নদীত।

সন্ধানহীন কিশোৰ জনৰ ঘৰ তামাৰহাট থানাৰ অন্তৰ্গত শগুণচৰা। সন্ধানহীন বিশ্বজিৎক বিচাৰি অভিযান অব্যাহত ৰাখিছে স্থানীয় ৰাইজে। পিছত বিশ্বজিৎৰ কোনো শুংসূত্ৰ বিচাৰি নাপাই আৰক্ষী আৰু SDRF বাহিনীক খবৰ দিয়ে।
ঘটনাস্থলীত তামাৰহাট আৰু ছোটোগুমা আৰক্ষী, এছ,ডি,আৰ,এফ বাহিনী উপস্থিত হৈ অভিযান অব্যাহত ৰাখিছে।

Related Articles