Breaking

মথুৰা-বৃন্দাবনত আবিৰৰ বৰষুণ, ৰাধা-কৃষ্ণৰ মূৰ্তি লৈ ভক্তই খেলিছে হোলী…

0 19

সমগ্ৰ দেশ হোলীৰ ৰঙেৰে ৰঙীন। আজি অৰ্থাৎ ২৫ মাৰ্চত হোলী উদযাপন কৰা হৈছে অতি আড়ম্বৰেৰে। ভাৰতৰ বিভিন্ন স্থানত হোলী বিশ্ববিখ্যাত। ইয়াৰে অন্যতম স্থান হৈছে মথুৰা-বৃন্দাবনৰ হোলী। সমগ্ৰ দেশ হোলীৰ ৰঙেৰে ৰঙীন। বিভিন্ন ধৰণৰ হোলী খেলাৰ পৰম্পৰা প্ৰতি বছৰে চলি আহিছে। মথুৰাত এক অনন্য ধৰণৰ হোলী হৈছে। এই স্থানত হোলী চাবলৈ দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে।


মথুৰা-বৃন্দাবনৰ বসন্ত পঞ্চমীৰ পৰা আৰম্ভ হৈছে হোলী উদযাপন। ৪০ দিনীয়া হোলী উৎসৱত অংশগ্ৰহণ কৰিবলৈ কেৱল দেশৰ পৰাই নহয় সমগ্ৰ বিশ্বৰ পৰা ভক্তসকল ইয়ালৈ আহে। আজি হোলী উপলক্ষে বৃদাবনৰ শ্ৰী ৰাধাবল্লভ জী মন্দিৰত হাজাৰ হাজাৰ কৃষ্ণ ভক্তই গুলালৰ সৈতে হোলী খেলিছে।


Leave A Reply