দেৰগাঁৱত চিত্ৰ শিল্পী ননী বৰপূজাৰীৰ চিত্ৰ কলা প্ৰদৰ্শনী অনুষ্ঠান বাতিল।
প্ৰতিকুল বতৰৰ বাবে ইউনিকন ফাউণ্ডেচনৰ উদ্যোগত হ’ব লগা প্ৰদৰ্শনী অনুষ্ঠান বাতিল।
৮,৯ আৰু ১০ অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা আছিল উক্ত অনুষ্ঠানটো।
সমগ্ৰ অসমত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে এই সিদ্ধান্ত।
গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানে যান বাহনৰ চলাচলত বাধা প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত আয়োজিত প্ৰদৰ্শনীৰ ছবিসমূহ আনিব নোৱাৰাৰ বাবেই বাতিল কৰিব লগা হ’ল প্ৰদৰ্শনী অনুষ্ঠান।
কৃত্ৰিম বানে বিশিষ্ট চিত্ৰ শিল্পী ননী বৰপূজাৰীৰ ঘৰত থকা ষাঠিটা বছৰে সংৰক্ষণ কৰি ৰখা একাংশ ছবিৰো ক্ষতিসাধন কৰে ৷
প্ৰদৰ্শনীখনৰ পৰৱৰ্তী তাৰিখ সোনকালে স্থিৰ কৰি ঘোষণা কৰিব বুলি আয়োজকে সংবাদ মাধ্যমৰ যেগেদি জানিবলৈ দিয়ে ।

