Breaking

শিলচৰ আৰু কৰিমগঞ্জত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত জন সভা, বাইক ৰেলীত যোগদান সৰ্বানন্দ সোণোৱালৰ

0 8

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মোদী চৰকাৰৰ এক্ট ইষ্ট নীতিৰ কাৰ্যকাৰিতাক প্ৰশংসা কৰাৰ লগতে এই নীতিৰ আধাৰত উত্তৰ-পূব ভাৰত আৰু বাংলা দেশৰ মাজত জলসংযোগ বৃদ্ধি, সামগ্ৰীৰ পৰিবহণ বৃদ্ধি আৰু দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য ত্বৰান্বিত হোৱাৰ কথাব্যক্ত কৰে। তেখেতে কয় যে ভাৰত আৰু বাংলাদেশে সৌহাৰ্দ্যপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক বজাই ৰাখিছে। নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ পদক্ষেপৰ ফলশ্ৰুতিতেই ভাৰত-বাংলাদেশ প্ৰট’কল ৰুট (আইবিপিআৰ)ৰ পুনৰুজ্জীৱিতকৰণ হৈছে, যাৰ যোগেদি অসম বিশেষকৈ উপকৃত হৈছে। এই দীঘলীয়া নদীপথছোৱা মুকলি কৰাৰ ফলত ভাৰতৰ উত্তৰ-পূব অঞ্চল আৰু বাংলাদেশৰ মাজত বাণিজ্যৰ অপৰিসীম সম্ভাৱনাৰ সৃষ্টি হৈছে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কৰিমগঞ্জ আৰু শিলচৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ক্ৰমে কৃপানাথ মাল্লা আৰু পৰিমল শুক্ল বৈদ্যৰ বাবে কৰিমগঞ্জ আৰু শিলচৰত প্ৰচাৰ চলাই সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰতে ২০৩০ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ দিশে ধাৱমান হৈছে।

দেশৰ এই অমৃত কালত এক্ট ইষ্ট নীতিৰ জৰিয়তে উত্তৰ-পূব ভাৰতক দক্ষিণ-পূব এছিয়াৰ এক আগশাৰীৰ অঞ্চল হিচাপে জিলিকাই তুলিবলৈ বিজেপি চৰকাৰে বিশেষ অগ্ৰাধিকাৰ দিছে। বাংলাদেশ আৰু ওচৰ-চুবুৰীয়া দেশৰ সৈতে সুসম্পৰ্ক স্থাপনেৰে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ অৰ্থনৈতিক বিকাশক শক্তি প্ৰদান কৰিবলৈ ‘এক্ট ইষ্ট’ নীতি ক্ষিপ্ৰতাৰে প্ৰয়োগ কৰি থকা হৈছে। সমগ্ৰ অঞ্চলটোত জলপথৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈছে, ভূটানৰ বহু সামগ্ৰীও অসম হৈ বাংলাদেশলৈ ৰপ্তানি হৈছে। বৰাক উপত্যকাৰ বাংলাদেশৰ সৈতে থকা সমৃদ্ধ ঐতিহাসিক সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত আমি কৰিমগঞ্জ আৰু বদৰপুৰ টাৰ্মিনেলৰ উন্নীতকৰণৰ জৰিয়তে এই অঞ্চলৰ আভ্যন্তৰীণ জলপথবোৰ পুনৰুজ্জীৱিত কৰিছোঁ। সময়, ধন আৰু ভ্ৰমণ ব্যয় হ্ৰাস কৰাৰ বাবে এনডিএ চৰকাৰে ‘কালাদান মাল্টি ম’ডেল প্ৰকল্প’ নিৰ্মাণৰকামকৰিআছে, যিয়ে ম্যানমাৰ আৰু মিজোৰাম হৈ কলকাতা আৰু বৰাক উপত্যকাৰ মাজৰ দূৰত্ব যথেষ্ট হ্ৰাস কৰিব। প্ৰধানমন্ত্ৰী বৰাক নদীক ৰাষ্ট্ৰীয় জলপথ ১৬ হিচাপে ঘোষণা কৰাৰ পাছত আমি ইয়াৰ সৰ্বাংগীত বিকাশৰ প্ৰচেষ্টা হাতত লৈছোঁ। কংগ্ৰেছ চৰকাৰৰ দিনত অৱহেলিত হৈ পৰি থকা বৰাক উপত্যকাক ভাৰতৰ নদীকেন্দ্ৰিক অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰবিন্দু কৰাৰ পৰিকল্পনা আছে, যিয়ে ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ মাজত বাণিজ্যিক বিকাশৰ এক গুৰুত্বপূৰ্ণ সেতু হিচাপে কাম কৰিব।” সৰ্বানন্দ সোণোৱালে অঞ্চলটোৰ জীৱন ৰেখা হিচাপে বৰাক নদীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ সন্দৰ্ভত আলোকপাত কৰে আৰু অৰ্থনৈতিক বিকাশত ইয়াৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়ে দোহাৰে। তেওঁ বৰাক উপত্যকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতিৰ কথাও উল্লেখ কৰে। শেহতীয়াকৈ আভ্যন্তৰীণ জল পৰিবহণৰ (আইডব্লিউটি) জৰিয়তে ৰপ্তানিৰ হাৰ যথেষ্ট বৃদ্ধি হৈছে বুলিও ব্যক্ত কৰে সোণোৱালে। সোণোৱালে ৰাইজক উদ্দেশ্যে কয়, “মোদী চৰকাৰে বৰাক উপত্যকাৰ বাট-পথ, যাতায়াত-যোগাযোগৰ উন্নয়নৰ বাবে ১০,০০০ কোটিতকৈও অধিক পুঁজি বিনিয়োগ কৰিছে, যাৰ ফলত অঞ্চলটোৰ যাতায়াত ব্যৱস্থাত অভূতপূৰ্ব বিকাশ পৰিলক্ষিত হৈছে।” কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি সৰ্বানন্দ সোণোৱালে কয়, “বৰাক উপত্যকাৰ জনসাধাৰণ কংগ্ৰেছ চৰকাৰৰ ছয় দশকৰ অপশাসনৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।

কংগ্ৰেছৰ উদাসীনতা আৰু অৱহেলাৰ বাবে ইয়াৰ লোকসকলে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছিল। কংগ্ৰেছৰ কুশাসন অবাধ দুৰ্নীতি, স্বজন-তোষণ আৰু বিভাজনেৰে আৱৰি আছিল। আমি সকলোৱে সমগ্ৰ বৰাক উপত্যকাৰ ৰাস্তাবোৰৰ বিধ্বস্ত অৱস্থা দেখিছিলোঁ। কংগ্ৰেছ চৰকাৰে কেতিয়াও এই অঞ্চলটোৰ সুযোগ-সম্ভাৱনাৰ অন্বেষণত গুৰুত্ব দিয়া নাছিল, যাৰ ফলত অৰ্থনৈতিক স্থৱিৰতা, নিবনুৱা সমস্যা আৰু দুৰ্নীতি তথা আন নানা জ্বলন্ত সমস্যাই গা কৰি উঠিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰখনেহে বৰাক উপত্যকাৰ পৰিৱেশ সম্পূৰ্ণ সলনি কৰিলে। আজি সমগ্ৰ দেশতে ‘পৰিবহণৰ জৰিয়তে পৰিৱৰ্তন’ৰ চিন্তা কাৰ্যকৰী কৰা হৈছে, য’ত বৰাক উপত্যকাৰ দৰে অঞ্চলসমূহতো বিশেষ গুৰুত্ব দিয়া হৈছে। এক্ট ইষ্ট নীতি ৰূপায়ণৰ লগে লগে ভাৰত আৰু বাংলাদেশৰ মাজত দ্বি-পাক্ষিক বাণিজ্য বৃদ্ধিৰ লগতে অন্যান্য বিবিআইএন দেশসমূহৰ লগতো বিভিন্ন সুযোগ সৃষ্টি হৈছে। আভ্যন্তৰীণ জলপথ পৰিবহণ (আইডব্লিউটি)ৰ জৰিয়তে বিত্তীয় বৰ্ষ ২০২১-২২ৰ তুলনাত ২২-২৩ বৰ্ষত ৰপ্তানি ৪০০% তকৈওঅধিকবৃদ্ধিহৈছে, যাৰ পৰিমাণ হৈছে ৯৯৮৭ মেট্ৰিক টন। এই প্ৰচেষ্টাসমূহৰ ফলত বৰাকৰ জনসাধাৰণৰ উন্নয়নৰ আশা ভালেখিনি পূৰণ হৈছে। আজি শিলচৰলৈ চলা ৰে’লৰ সংখ্যাও বৃদ্ধি পাইছে। শিলচৰত অত্যাধুনিক ইউনানী চিকিৎসালয়ো স্থাপন কৰা হৈছে।”

Leave A Reply