চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় তৃতীয় বাৰ্ষিক ড৹ ৰঞ্জিত ৰঞ্জন শইকীয়াৰ স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত…

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ ইতিহাস বিভাগৰ উদ্যোগত আজি মহাবিদ্যালয়ৰ পুনাৰাম গগৈ সোঁৱৰণী প্ৰেক্ষাগৃহত অবিভক্ত শিৱসাগৰ জিলা ভিত্তিক মহাবিদ্যালয়ৰ অধ্যাপক ড৹ ৰঞ্জিত ৰঞ্জন শইকীয়াৰ সোঁৱৰণত তৃতীয় বাৰ্ষিক স্মাৰক বক্তৃতা অনুস্থান অনুষ্ঠিত কৰা হৈছে।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিজয় কৃষ্ণ পাঁচনিৰ সভাপতিত্বত আয়োজিত এই বক্তৃতা অনুস্থানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী প্ৰাধ্যাপক প্ৰফেচৰ ৰাজীৱ সন্দিকৈ মুখ্য বক্তা হিচাপে উপস্থিতি থাকি নিৰ্ধাৰিত বিষয় HISTORY AS A DICIPILNE শীৰ্ষক বিষয়ত আলোকপাত কৰি এক গাম্ভীৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই সকলোকে আপ্লুত কৰি তোলে।উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ ৰেক্টৰ সুনীল কুমাৰ ভট্টাচাৰ্য,মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ হৈ ড৹ দীপক শৰ্মা,অবিভক্ত শিৱসাগৰ জিলাৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যাপকৰ লগতে ছাত্ৰ ছাত্ৰী তথা স্থানীয় বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিতি থাকি অনুস্থানটি সাফল্য মণ্ডিত কৰি তোলে।

Related Articles