Breaking

নদী আছে দলং নাই!গাঁও আছে পথ নাই;বনগাঁও-পলাহগড় সংযোগী পথৰ দুৰৱস্থা!

0 1,124

ওদালগুৰি জিলাৰ টংলা থানাৰ বনগাওঁ ভি চি ডি চিৰ অন্তৰ্গত বনগাওঁ পলাহগড় সংযোগী পথৰ দুৰৱস্থাই ৰাইজক বছৰ বছৰ ধৰি জ্বলা কলা খোৱাই আহিছে। উল্লেখযোগ্য যে উক্ত ৰাজহ গাঁও খনৰ পৰা গাঁওবাসী লগতে উক্ত পথেৰে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰী, ব্যৱসায়ী, চাকিৰিয়াল, কৰ্মচাৰী আদি সকলোৱে অহা যোৱা কৰাৰ একমাত্ৰ ভৰসা পথটি। দুৰ্ভাগ্য যে বহু বছৰ আগতে কুলশী নদী বানৰ গৰাখহানীয়াই উক্ত পথত থকা বাঁহৰ দলং খনৰ লগতে পথটি সম্পূৰ্ণৰূপে বিধস্ত কৰি পেলাই। এতিয়া উক্ত অঞ্চলটিত
নদী আছে দলং নাই,গাঁও আছে পথ নাই।যাৰ ফলত গাওঁ খনত বেমাৰী আনিবলৈ এম্বুলেঞ্চ এখনো যাব নোৱাৰে। ক্ৰমান্নয়ে এলাগী হৈ পৰি আছে অঞ্চলটি।এই ক্ষেত্ৰত উন্নয়নৰ ঢোল বজোৱা বি টি চি প্ৰশাসন তথা বিভাগীয় কৃতপক্ষৰো কোনো খবৰ নাই। উল্লেখযোগ্য যে আজিৰ পৰা এবছৰ আগতে উক্ত অঞ্চলত বিধায়ক বিশ্বজিৎ দৈমাৰী আৰু বিভাগীয় মন্ত্ৰী পিযুষ হাজৰিকা উপস্থিতহৈ পৰিদৰ্শ কৰে আৰু পথ আৰু দলংৰ কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি গুচি যায়। কিন্তু এবছৰ পিছতো এই কাম হৈ নুঠিল। এতিয়া ৰাইজ সংকৃত হৈ আছে।


বহু সময়ত ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি পথ আৰু বাঁহৰ দলং মেৰামতি কৰি আহিছে যদিও বাৰিষাৰ লগে লগে ৰাইজৰ পানীত হাঁহ নছৰাৰ অৱস্থা হয়। এই ক্ষেত্ৰত ৰাইজে অতি সোনকালে পথ আৰু দলঙৰ ক্ষেত্রত উচিত ব্যবস্থা লবলৈ চৰকাৰ খনক দাবী জনায়।

Leave A Reply