Breaking

“ৰাজ্যৰ অধিকাংশ স্থানত মুৰ্গী-হাঁহৰ গড়ালত সৰ্প দংশনৰ খবৰ পোহৰলৈ আহিছে”- সৌৰভ বৰকটকী…

0 88

ৰাজ্যৰ অধিকাংশ স্থানত মুৰ্গী-হাঁহৰ গড়ালৰ ভিতৰত হোৱা সৰ্প দংশনৰ খবৰ পোহৰলৈ আহিছে” – এই মন্তব্য সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ। উল্লেখ্য যে যোৱা ২২ মে’ত তেজপুৰৰ দ পৰ্বতীয়াৰ সাউদৰ চুবুৰীৰ এঘৰ ব্যক্তিৰ ঘৰৰ মুৰ্গীৰ গড়ালৰ পৰা এটি বিষাক্ত ফেঁটী সাপ উদ্ধাৰ কৰি বৰকটকীয়ে সংবাদ মাধ্যমক এনেদৰে কয়। ঘটনাৰ বিৱৰণী অনুসৰি -২১ মেত তেজপুৰৰ দ পৰ্বতীয়াৰ সাউদৰ চুবুৰীৰ ৰাজেন বৰা নামৰ এজন যুৱকৰ ঘৰত এডাল ফেঁটী সাপ দেখিবলৈ পোৱা যায়। ফেঁটী সাপডাল ৰাজেন বৰাৰ ঘৰৰ মুৰ্গীৰ গৰালত প্ৰথম প্ৰত্যক্ষ কৰে তেওঁৰ মাতৃয়ে। উল্লেখ্য যে ফেঁটী সাপডালে মুৰ্গীৰ গৰালত সোমাই মুৰ্গীৰ কণী ভক্ষণ কৰি থকা দেখা পাইছিল ৰাজেন বৰাৰ মাতৃয়ে।

লগে-লগে মাতৃয়ে ৰাজেন বৰাক সাপডালৰ বিষয়ে কোৱাত ৰাজেন বৰাই পলম নকৰি সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীলৈ ফোন কৰে। খবৰৰ ভিত্তিত বৰকটকীয়ে সেই স্থানত উপস্থিত হৈ সাপটো উদ্ধাৰ কৰে আৰু সৰ্প বিষয়ক সজাগতা বাৰ্তাৰে কয় – সাপে দংশন কৰাৰ পিছত চিকিৎসা প্ৰদান কৰিলে ব্যক্তি গৰাকী সুস্থ হৈ পৰাটো নিশ্চিত। চিকিৎসা বিজ্ঞানত এণ্টিভেনমৰ প্ৰয়োগ যেতিয়াৰ পৰাই হৈছে তেতিয়াৰ পৰাই সাপে দংশন কৰা বহু ব্যক্তি মৃত্যুৰ দুৱাৰ দলিৰ পৰা উভটি আহিছে। কিন্তু শৰীৰৰ যি স্থানত বিষাক্ত সাপে দংশন কৰে সেই ঠাইখিনি শুকাবলৈ বহু সময় লাগে। এদিন-দুদিন নহয় কেতিয়াবা বছৰ ধৰি সাপে দংশন কৰা ঠাই ডোখৰ নুশুকাই।

সেয়েহে বিষাক্ত সাপৰ পৰা যিমান পাৰে দূৰত্ব বৰ্তাই ৰাখক। সাপৰ বিষয়ে জ্ঞান আহৰণ কৰক। আনহাতে যিসকল ব্যক্তিৰ ঘৰত মুৰ্গী,পাৰ, হাঁহ পোহা হয় বা গড়াল আছে তেওঁলোকে বিশেষ সতৰ্কতা অৱলম্বন কৰাটো উচিত। ৰাতি দিন বুলি কোনো কথা নাই, সাৱধান হৈ গড়ালত প্ৰৱেশ কৰে যেন। পাৰিলে ভৰিত গামবুট পিন্ধি লওক। বিষাক্ত সাপ গড়ালৰ ভিতৰৰ সজাত আহি বহি থাকিব পাৰে। বিশেষকৈ ৰাতিৰ সময়ত গড়াললৈ গ’লে মুখেৰে শব্দ নকৰি টৰ্চ লাইটৰ ব্যৱহাৰ কৰা উচিত। চলিত বৰ্ষৰ মে’ মাহত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা সৰ্প দংশনৰ কেইবাটাও তথ্য পোহৰলৈ আহিছে । তাৰে অধিকাংশ মুৰ্গী, হাঁহৰ গড়ালত পোৱা বিষাক্ত সাপৰ দ্বাৰা মানুহৰ দংশন হোৱা খবৰ মোলৈ আহিছে। সেয়ে আমি সকলোৱে সৰ্তকতা অৱলম্বন কৰাটো উচিত।

Leave A Reply