তিনিচুকীয়া জিলাৰ ডিগবৈ থানাৰ অন্তৰ্গত বগাপানী স্থানীয় অঞ্চলত ১৫ ফেব্ৰুৱাৰীৰ পুৱা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উচ্ছেদ অভিযানত বাধা দিবলৈ চেষ্টা কৰা স্থানীয় লোকক নিৰাপত্তা বাহিনীয়ে লাঠিচালনা কৰাৰ অভিযোগত পৰিস্থিতি উত্তাল হৈ পৰে।

আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা কাজিয়াত কেইবাজনো স্থানীয় লোক আহত হোৱা বুলি জানিব পৰা গৈছে।
অৱশ্যে সংঘাতৰ ফলত কোনো লোক আহত হোৱা নাই বুলি ডিগবৈ আৰক্ষীয়ে জানিবলৈ দিয়ে।
ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজ্যোতি দত্তই সংবাদ মাধ্যমৰ আগত কয় যে লাঠিচাৰ্জৰ কোনো কাণ্ড সংঘটিত হোৱা নাই যদিও এন এফ আৰৰ উচ্ছেদ অভিযান বন্ধ কৰিবলৈ গৈ প্ৰতিবাদকাৰীক পিছুৱাই ঠেলি দিব লগা হৈছিল।
দত্তই লগতে কয়, “প্ৰথম পৰ্যায়ত এনএফআৰে বগাপানী ৰে’লৱে ষ্টেচনৰ পৰা মাকুম ৰে’ল ষ্টেচনলৈকে অঞ্চলটোক বিদ্যুৎ সংযোগ কৰাৰ কাম কৰি আছে।”
ইয়াৰ উপৰিও আৰক্ষী বিষয়াগৰাকীয়ে কয় যে দ্বিতীয় পৰ্যায়ত বিদ্যুৎকৰণৰ কাম লিডু ৰেলৱে ষ্টেচনলৈকে বিস্তৃত হ’ব।
ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে লগতে কয় যে এন এফ আৰ উচ্ছেদ অভিযানত কিছুমান দোকানকে ধৰি ২০০ৰো অধিক বাসিন্দাক উচ্ছেদ কৰা হ’ব।

প্ৰশাসনে বাট মুকলি কৰাৰ প্ৰয়াসত ঐতিহাসিক “ডাঙৰিয়া বাবা থান”ত উচ্ছেদ অভিযান চলোৱাৰ পিছত দুবছৰ পূৰ্বে বগাপানী চুবুৰীৰ পৰা জনসাধাৰণ আৰু আৰক্ষীৰ মাজত একেধৰণৰ বিবাদৰ খবৰ আহিছিল।