এখন বিদ্যালয়, আছে ষ্টেডিয়াম; নাই শৌচাগাৰ! শিক্ষাৰ্থীয়ে খাই কম পানী কম খাদ্য….

ঝাৰখণ্ডৰ এখন চৰকাৰী বিদ্যালয় আছে, য’ত শিশুৰ খেলা-ধূলা কৰিবলৈ ষ্টেডিয়াম আছে, কিন্তু শৌচাগাৰ নাই। পৰিস্থিতি এনেকুৱা যে ইয়াত পঢ়া ছোৱালীবোৰে শৌচাগাৰলৈ যাব নোৱাৰে, ইয়াৰ বাবে তেওঁলোকে কম পানী খাবলৈ বাধ্য। ঝাৰখণ্ডৰ চতৰা জিলাত সংঘটিত হৈছে এই ঘটনা। ইয়াৰ চৰকাৰী বিদ্যালয় এখনত প্ৰায় ১১০০ শিশুৱে পঢ়ে, কিন্তু তেওঁলোকৰ ব্যৱহাৰৰ বাবে শৌচাগাৰো নাই।


ঝাৰখণ্ডৰ চতৰা জিলাৰ ময়ুৰহণ্ড ব্লক সদৰৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বত স্বামী বিবেকানন্দ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই ঘটনা। এই বিদ্যালয়খন ৫ একৰ মাটিত বিস্তৃত। ইয়াত প্ৰায় ১১ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে, ইয়াৰে প্ৰায় ৭০০ গৰাকী ছোৱালী। ইয়াৰ বাহিৰেও বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰীও আছে। এই বিদ্যালয়ত ষ্টেডিয়াম আছে যদিও বৰ্তমান এটাও শৌচাগাৰ নাই।

বিদ্যালয়ত শৌচাগাৰৰ অভাৱত ছোৱালীয়ে খাদ্য আৰু পানী কমকৈ খাবলৈ বাধ্য হয়, যাতে তেওঁলোকে শৌচাগাৰৰ প্ৰয়োজন অনুভৱ নকৰে। বিদ্যালয়খনৰ সংস্কাৰৰ বাবে নিযুক্তি দিয়া ঠিকাদাৰে বৰ্তমানৰ শৌচাগাৰসমূহ ভাঙি পেলায়, কিন্তু তাৰ সলনি শৌচাগাৰৰ ব্যৱস্থা কৰা নাছিল। তথ্য অনুসৰি বিদ্যালয় প্ৰশাসনে এই সন্দৰ্ভত জিলা বিষয়া আৰু ৰাজ্যৰ শিক্ষা বিভাগক অৱগত কৰিছে যদিও তাৎক্ষণিক সমাধান এতিয়াও পোৱা নাই।

Related Articles