Breaking

ডেটিং এণ্ড ৰিলেশ্বনশ্বিপ’ শীৰ্ষক কোনো অধ্যায় নাই চিবিএছইৰ পাঠ্যপুথিত , স্পষ্ট কৰিলে চিবিএছচিয়ে…

0 28

ডেটিং এণ্ড ৰিলেশ্বনশ্বিপ’ শীৰ্ষক কোনো অধ্যায় নাই চিবিএছইৰ পাঠ্যপুথিত , স্পষ্ট কৰিলে চিবিএছচিয়ে

‘ডেটিং এণ্ড ৰিলেশ্বনশ্বিপ’ শীৰ্ষক কোনো অধ্যায় নাই চিবিএছইৰ পাঠ্যপুথিত , স্পষ্ট কৰিলে চিবিএছচিয়ে ।চিবিএছই-নিৰ্ধাৰিত কিতাপএখনৰ পৰা অহা বুলি দাবী কৰি শ্বেয়াৰ কৰা ভাইৰেল ছবিত ‘ডেটিং এণ্ড ৰিলেশ্বনশ্বিপ’ শীৰ্ষক এটা অধ্যায় থকা বুলি দেখুওৱাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) নিৰ্ধাৰণ কৰা ৯ম শ্ৰেণীৰ এখন কিতাপত থকা বুলি দাবী কৰা ‘ডেটিং এণ্ড ৰিলেশ্বনশ্বিপ’ সম্পৰ্কীয় এটা অধ্যায়ৰ ছবি দেখুওৱা এটা টুইট ভাইৰেল হৈ থকাৰ সময়তে বিষয়টোকলৈ নিজৰ স্থিতি স্পষ্ট কৰিছে চিবিএছচিয়ে।চিবিএছইয়ে টুইটাৰত কৰা দাবীটো খণ্ডন কৰি কৈছে যে এয়া ‘ভিত্তিহীন আৰু অশুদ্ধ’ তথ্য। তেনে কোনো অধ্যায় চিবিএছচিৰ পাঠ্যপুথিত নাই বুলি চিবিএছচিয়ে স্পষ্ট কৰি দিছে।


ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা অধ্যায়টোৰ বিষয়বস্তু বোৰ দৰাচলতে গগন দীপ কৌৰৰ দ্বাৰা লিখা আৰু জি.ৰাম বুকছ (পি)লিমিটেডৰ দ্বাৰা প্ৰকাশিত আত্ম সজাগতা আৰু সশক্তিকৰণৰ বাবে গাইড শীৰ্ষক এখন কিতাপৰ পৰা আহিছে বুলি জানিব পৰা গৈছে। চি.বি.এছ.ই.-য়ে তেনে কোনো কিতাপ প্ৰকাশ নকৰে বা কোনো ব্যক্তিগত প্ৰকাশকৰ কিতাপো প্ৰকাশ নকৰে বুলি চিবিএছচিৰ তৰফৰ পৰা কোৱা হৈছে।

Leave A Reply