অংগনবাড়ী কেন্দ্ৰৰ গৃহ নথকাৰ বাবে লক্ষ্মী মন্দিৰত চলিছে কণ কণ শিশু সকলৰ পাঠদান

যি সময়ত ৰাজ্য চৰকাৰে ব্যয়বহুল খৰচ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মডেল অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰিছে তেনে সময়ত এটি স্থায়ী গৃহ নথকাৰ বাবে স্থানীয় লক্ষী মন্দিৰত চলিছে ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ মোনাবাগ চাহ বাগিছাৰ হাঠখলাৰ ১৩৯ নং অংগনবাদী কেন্দ্ৰৰ কণ কণ শিশু সকলৰ পাঠদান৷


ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰত কৰ্মৰত কৰ্মী গৰাকীয়ে কয়, “এগৰাকী মহিলাই স্থায়ী গৃহ নথকাকৈ কণ কণ শিশু সকলক চম্ভালিবলৈ অসুবিধা হ্য়৷ গৰম খাদ্য প্ৰস্তুত কৰিবলৈও অসুবিধা হয়৷ বতাহ বৰষুণ দিলে পাঠদান কৰিব নোৱাৰি৷ চৰকাৰে সোনকালে এটা স্থায়ী অংগনবাদী কেন্দ্ৰৰ সুদিধা কৰি দিয়ে যেন৷”

Related Articles