Breaking

বকোৰ ছমৰীয়া সএৰ পৰা ২নং বৰুৱা পথাৰলৈ যোৱা ৰাস্তাৰ নিৰ্মান কাৰ্যত ব্যাপক অনিয়ম।যিকোনো মুহুৰ্তত ভাঙি যাব পাৰে ৰাস্তাৰ দুয়োপাৰ

0 1,091

প্ৰধানমন্ত্ৰীৰ গ্ৰাম ছোৰক যোজনাৰ অধীনত ছমৰীয়া সএৰ পৰা ২নং বৰুৱা পথাৰলৈ যোৱা ৰাস্তা টোত ব্যাপক অনিয়ম হোৱা দেখা যায়। এইবাৰ ডাংচাং এন্টাৰ প্ৰাইছ নামৰ কোম্পানীৰ ঠিকাদাৰ ঠুটান তাছীৰ বিৰুদ্বে উঠিছে ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলিছে একাংশই । ৰাস্তাটোৰ আবন্টিত ধনৰ পৰিমান আছিল ৭ কৌটি৬ লাখ ৫শ ৪৫ টকাৰে নিৰ্মিত হোৱা ৰাস্তা।নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত কম দিনতে জহি খহি যাবলৈ ধৰিছে ৰাস্তাটো।

অনা অসমীয়া ঠিকাদাৰে ৰাস্তাটো কিছুমান দালালক দায়িত্ব দি ৰাস্তাটোৰ কাম নিম্নগামী হোৱা দেখা যায়।বাৰে বাৰে সংবাদ ৰাস্থাটোৰ দুৰ্নীতিৰ বিৰুদ্বে সংবাদ শিৰোনাম দখল কৰা স্বৰ্তেও কিয় গা লৰা নাই বৰমুৰীয়াৰ।মেনেজ কৰে নেকী অৰুনাচলী ঠিকাদাৰ ঠুটান টাছী। যদি ৰাস্তাটো দুয়োপাৰ ভাঙি যায় কলেজৰ,স্কুলৰ ছাএ ছাএীৰ যাতায়তত বৃহৎ ক্ষতি হব।

Leave A Reply