Breaking

অসমতো আছিল দুটা খৰ্গৰ গঁড় ! পংকজ কুমাৰ দত্তৰ গ্ৰন্থত অসমৰ প্ৰকৃতিৰ বিষয়ে অভিনৱ তথ্য…

0 43

অসমতো আছিল দুটা খৰ্গৰ গঁড়
পংকজ কুমাৰ দত্তৰ গ্ৰন্থত অসমৰ প্ৰকৃতিৰ বিষয়ে অভিনৱ তথ্য


আপুনি বিশ্বাস কৰক বা নকৰক অসমতো আছিল দুটা খৰ্গৰ গঁড়।
অসমৰ গঁড় বুলি ক’লে বৰ্তমান সময়ত এটা খৰ্গৰ গঁড়কে বুজা যায় যদিও এশ বছৰ আগলৈকে অসমতো আছিল দুটা খৰ্গৰ গঁড়। ‘একালত অসমত মুঠ তিনিটা প্ৰজাতিৰ গঁড় পোৱা গৈছিল, দূৰ্ভাগ্যজনকভাৱে ইয়াৰে দুটা প্ৰজাতিৰ গঁড় অসমৰ পৰা নোহোৱা হৈ গ’ল। দুটা খৰ্গ‌ থকা সুমাত্ৰাৰ গঁড়ৰ বিচৰণভূমি আছিল অসম। অসমত পোৱা গৈছিল জাভাৰ গঁড়ো।’ এই গুৰুত্বপূৰ্ণ তথ্য সন্নিৱিষ্ট হৈছে অসমৰ পৰিৱেশ আৰু প্ৰকৃতিৰ বিষয়ে বিস্তৃত অধ্যয়ন কৰা পৰিৱেশকৰ্মী তথা গল্পকাৰ পংকজ কুমাৰ দত্তৰ সদ্য প্ৰকাশিত গ্ৰন্থ ‘অৰণ্য ৰ’দ বৰষুণ, হাজাৰ বছৰ অসমৰ প্ৰকৃতিৰ ইতিবৃত্ত’ত। পূৰ্বায়ন প্ৰকাশনে দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰা এই গ্ৰন্থখনত পংকজ কুমাৰ দত্তই প্ৰাচীন কামৰূপত গঁড়ৰ মাংস ভক্ষণ কৰাটো পবিত্ৰ কাম বুলি গণ্য কৰা হৈছিল বুলি লিখিছে।

কেৱল কাজিৰঙা বা পবিতৰা নহয়, বৰপেটা, দৰঙৰ পৰা আৰম্ভ কৰি শদিয়া, লিডু পৰ্যন্ত অসমৰ বহু ঠাইত গঁড় আছিল বুলি পংকজ কুমাৰ দত্তই জনায়। সাহিত্য অকাডেমি, অসম সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠানৰ মঞ্চত অসমৰ প্ৰকৃতিৰ ইতিহাসৰ বিষয়ে বক্তৃতা প্ৰদান কৰা, গৱেষণাপত্ৰ পাঠ কৰা অধ্যয়নশীল লেখক পংকজ কুমাৰ দত্তই ৰচনা কৰা বিশেষ গ্ৰন্থখনত চৰ্যাপদ, যোগিনীতন্ত্ৰৰ পৰা আৰম্ভ অসমৰ লোক-সংস্কৃতিৰ বিভিন্ন সমলৰ আধাৰত অসমৰ মানুহৰ প্ৰকৃতি প্ৰেমৰ স্বৰূপ সম্পৰ্কে পদ্ধতিগতভাৱে আলোচনা কৰা হৈছে।

\

প্ৰাচীন কামৰূপৰ বিভিন্ন উদাহৰণৰ উল্লেখ, আহোম শাসনকাল আৰু ইংৰাজ শাসনকালৰ অসমৰ বিভিন্ন তথ্য বিশ্লেষণ কৰা এই গ্ৰন্থখনত সাম্প্ৰতিক কালৰ পৰিৱেশ আন্দোলনৰ তথ্য সন্নিৱিষ্ট হৈছে। আহোমসকলে হাতী, ঘোঁৰা আৰু গৰুৰ মাংসও খাইছিল। টাই আহোমসকলে, ৰাভাসকলে যুদ্ধত গঁড়ৰ ছালৰ ঢাল ব্যৱহাৰ কৰিছিল বুলিও কিতাপখনত লিখা হৈছে। পিচে, অসমৰ পৰা দুটা খৰ্গৰ গঁড় কেনেকৈ লোপ পালে, সেই বিষয়ে সবিশেষ জানিবৰ বাবে আপুনি পংকজ কুমাৰ দত্তৰ এই কিতাপখন পঢ়িব লাগিব।

Leave A Reply