সৰভোগত বিশাল প্ৰতিবাদী জনসভা । সৰভোগ সমষ্টি কৰ্তনক লৈ বিৰোধী ৰাজনৈতিক দলে প্ৰতিবাদ সাব্যস্ত কৰিব বুধবাৰে। ঐতিহাসিক সৰভোগ বিধান সভা সমষ্টিৰ নাম কৰ্তন কৰাৰ প্ৰতিবাদত বুধবাৰে সৰভোগ গান্ধী ময়দানত আবেলি দুই বজাত ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু চিপি আই এমৰ আহ্বানত বিশাল জনসভা অনুষ্ঠিত হ’ব। দেশৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিছে ৷ এই খচৰা অনুসৰি বৰ্তমানৰ কেইবাটাও ঐতিহ্যমণ্ডিত বিধান সভা সমষ্টি বিলুপ্ত হ’ব ৷ সৰভোগ সমষ্টি বিলুপ্তিকৰণৰ সন্দৰ্ভত সৰভোগত যোৰদ্বাৰ প্ৰতিবাদ সাব্যস্ত কৰিব বিধায়ক মনোৰঞ্জন তালুকদাৰ।
বিশাল প্ৰতিবাদী জনসভাত উপস্থিত থাকিব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ , ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ , বিৰোধী দলৰ উপ সভাপতি তথা চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন , সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ , সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাস আৰু প্ৰাক্তন বৰপেটা লোকসভা সাংসদ, প্ৰাক্তন বিধায়ক উদ্বব বৰ্মন। বুধবাৰে বিশাল প্ৰতিবাদী জনসভাত ৰাইজক উপস্থিত থাকিবলৈ সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে আহ্বান জনায়।

