“অসমৰ বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান মাজুলীৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা আছে ৷ এই পৱিত্ৰ ভূমিৰ সুৰক্ষাৰ বাবে যিমান পূঁজিৰ প্ৰয়োজন হ’ব সিমানেই টকা অসম চৰকাৰে ব্যয় কৰিব। মাত্ৰ এটাই কথা, প্ৰতিটো টকাৰ সদ্ব্যবহাৰ হ’ব লাগিব আৰু কামৰ ক্ষেত্ৰত আমি কোনো কম্প্ৰমাইজ নকৰো। পূৰ্বে মাজুলীত কি হৈছিল, জলসম্পদ বা ব্ৰহ্মপুত্ৰ বৰ্ডে কি কৰিলে , এতিয়া আৰু ইয়াৰ পোষ্টমৰ্টেম মই নকৰো।” আজি নামনি মাজুলীৰ কৰতিপাৰ পঞ্চায়তৰ অন্তৰ্গত মিছামৰাত সোঁৱণশিৰি নদীৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি এইদৰে কয় বিজেপি মিত্ৰজোঁট চৰকাৰৰ ৰাজ্যিক জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই। আজি পুৱা প্ৰায় ৯-০০ বজাত মাজুলীত উপস্থিত হোৱা মন্ত্ৰী হাজৰিকাই মিছামৰাৰ স্থানীয় গাওঁবাসীৰ মতামত গ্ৰহণ কৰি খহনীয়াগ্ৰস্ত অঞ্চলটোত শীঘ্ৰেই দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ নদীৰ গড়াত অস্থায়ী সুৰক্ষাৰ কাম আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে জলসম্পদ বিভাগক। মন্ত্ৰীগৰাকীয়ে কয় আগন্তুক বাৰিষাৰ বাবে বৰ্তমান খুউব ভালধৰণে অস্থায়ী কাম কৰাৰ সমান্তৰালকৈ স্থায়ী আঁচনি ৰূপায়নৰ বাবেও প্ৰস্তুতি আৰম্ভ কৰা হ’ব বুলি মত প্ৰকাশ কৰে। শীঘ্ৰেই অঞ্চলটোলৈ কাৰিকৰী বিশেষজ্ঞ দলক প্ৰেৰণ কৰি অঞ্চলটোত নদীৰ প্ৰকৃতি আদি জৰীপ কৰাৰ বাবে পঠোৱা হ’ব বুলিও মত প্ৰকাশ কৰে আৰু আঁচনি ৰূপায়ণৰ বাবে পূঁজিৰ যোগান ধৰিব ৷ মাজুলী সুৰক্ষাত নিয়োজিত ব্ৰহ্মপুত্ৰ বৰ্ডৰ অকমন্যতা, হেমাহী আৰু সুৰক্ষা কাৰ্যত আন্তৰিকতাবিহীন কাৰ্যকলাপৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয় -ব্ৰহ্মপুত্ৰ বিষয়ে জানিবলৈ মই চেষ্টা কৰি আছো। বৰ্ডৰ লগত নিশ্চিত ভাবে এই বিষয়ে মই আলোচনা কৰিম আৰু বৰ্ডক থানথিত লগাবলৈ চেষ্টা কৰিম। জলসম্পদ মন্ত্ৰী গৰাকীৰ উপৰিও মাজুলীৰ জন প্ৰতিনিধি তথা প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু শক্তি মন্ত্ৰী বিমল বৰা আৰু সাংসদ প্ৰদান বৰুৱাই খহনীয়াগ্ৰস্ত অঞ্চলটো ভ্ৰমণ কৰি অৱস্থাৰ বুজ লয়। প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে সাংবাদিকৰ সন্মুখত মাজুলীৰ খহনীয়া ৰোধৰ বাবে অসম চৰকাৰে এক পৰিকল্পনা কৰাৰ বিষয়ে সদৰি কৰি কয়, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আজি অসম চৰকাৰৰ দুগৰাকীকৈ জ্যেষ্ঠ মন্ত্ৰী আৰু সাংসদ মাজুলীলৈ আহিছে। মোৰ দৃঢ় বিশ্বাস আগন্তুক দিনত মাজুলীবাসীৰে সহযোগত অসম চৰকাৰে যুগুত কৰা পৰিকল্পনা অনিযায়ী মাজুলীৰ ভৌগোলিক সুৰক্ষা নিশ্চিত কৰিব পৰা যাব। ইয়াক পিছতে প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালসহ দুই মন্ত্ৰী পিয়ুষ জান্তি হাজৰিকা, বিমল বৰা আৰু সাংসদ প্ৰদান বৰুৱাই নামনি মাজুলীৰে অন্য এটা খহনীয়া আক্ৰান্ত অঞ্চল চামগুৰিৰ পৰিস্থিতিৰ বুজ লয়। উক্ত অঞ্চলটোৰ সুৰক্ষা কাৰ্যত নিয়োজিত ব্ৰহ্মপুত্ৰ বৰ্ডৰ কামকাজত অসন্তুষ্ট স্থানীয় ৰাইজে বৰ্ডৰ বিৰূদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছত সোণোৱাল সহ মন্ত্ৰী, সাংসদৰ দলটো কমলাবাৰী ফেৰীঘাটৰ পৰা ফেৰীৰে মাজুলীৰ অন্যতম খহনীয়াগ্ৰস্ত এলেকা ভকতচাপৰিৰ চামগুৰি আৰু গৰুখূটিৰ খহনীয়া নাৱেৰে প্ৰত্যক্ষ কৰি ফেৰীৰ পৰাই স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰে। ভকতচাপৰিৰ ৰাইজে অঞ্চলটোৰ যাতায়াতৰ উন্নয়ন আজিকোপতি নোহোৱাত ক্ষোভ প্রকাশ কৰে। বিশেষকৈ ভকতচাপৰি সংযোগী একমাত্ৰ পথটো আজি পৰ্যন্ত হৈ নুঠাত তীব্ৰ অসন্তোষ প্ৰকাশ কৰে। ৰাইজক আশ্বাস প্ৰদান কৰি মন্ত্ৰী বিমল বৰাই কয় পথটো নিৰ্মাণৰ বাবে ইতিমধ্যে সকলো কাৰ্যব্যৱস্থা হাতত লোৱা হৈছে। শীঘ্ৰেই পথটোৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা হ’ব বুলিও প্ৰকাশ কৰে। ইয়াৰ পিছত দলটো উজনি মাজুলীৰ অফলামুখ, দক্ষিণপাট, শালমৰা আদি অঞ্চল ভ্ৰমণ কৰি মথাউৰিৰ লগতে খহনীয়াগ্ৰস্ত এলেকা সমূহৰো বুজ লয়। ইয়াৰ পিছত বনৰীয়া চাপৰিত নিৰ্মাণৰত এপিডিচিএলৰ সৌৰশক্তি প্ৰকল্প অগ্ৰগতিৰ বুজ লয়। বিয়লিলৈ জলসম্পদ মন্ত্ৰী পিয়ুষ জান্তি হাজৰিকা ঢকুৱাখনা হৈ মাজুলীৰ পৰা ৰাওনা হয়। বিয়লি প্ৰাক্তন মুুুুখ্যমন্ত্ৰী তথা বিধায়ক সোণোৱালে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্তৰ লগতে বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰে এক পৰ্যালোচনা বৈঠকত মিলিত হ’ব ৷ সৰ্বানন্দ সোণোৱাল আৰু শক্তি মন্ত্ৰী বিমল বৰাই আজি মাজুলীতে নিশা কটাই কাইলৈ পুৱা মাজুলীৰ পৰা ৰাওনা হ’ব।

