Breaking

বিশ্বৰ এই ১০খন চহৰৰ বায়ু আটাইতকৈ বিষাক্ত, দিল্লীকে ধৰি ভাৰতৰ ৩খন চহৰ প্ৰদূষিত…

0 64

বিশ্বৰ ১০ খন সৰ্বাধিক প্ৰদূষিত চহৰঃ সমগ্ৰ বিশ্বতে বায়ু প্ৰদূষণৰ বাবে প্ৰতি বছৰে লাখ লাখ লোকে প্ৰাণ হেৰুৱাইছে। ইফালে বায়ুৰ গুণাগুণ সূচকাংকৰ জৰিয়তে বিশ্বৰ ১০খন প্ৰদূষিত চহৰৰ তালিকা প্ৰকাশ পাইছে। ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন চহৰৰ লোকে বায়ু প্ৰদূষণৰ বাবে উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হৈছে। দিল্লী-এনচিআৰকে ধৰি দেশৰ বহু চহৰৰ বতাহ আজিকালি অত্যন্ত বিষাক্ত হৈ পৰিছে। বিশ্বৰ ১০খন প্ৰদূষিত চহৰৰ তালিকা প্ৰকাশ। এই তালিকাত প্ৰথম স্থানত দিল্লী, দ্বিতীয় স্থানত আছে পাকিস্তানৰ লাহোৰ চহৰ।

বিশ্বৰ ১০খন প্ৰদূষিত চহৰৰ তালিকা প্ৰকাশ কৰিছে চুইজাৰলেণ্ডৰ গ্ৰুপ IQair য়ে। এই গোটটোৱে বায়ু প্ৰদূষণৰ ভিত্তিত বায়ুৰ গুণাগুণ সূচকাংক প্ৰস্তুত কৰে। এই তালিকা অনুসৰি দেশৰ ৰাজধানী দিল্লী, মুম্বাই আৰু কলকাতাৰ জলবায়ু আটাইতকৈ বেয়া ১০খন চহৰৰ ভিতৰত অন্যতম।

তালিকাখন চালে স্পষ্ট হৈ পৰে যে দিল্লী হৈছে ৫১৯ AQIৰে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ। ইয়াৰ পিছত পাকিস্তানৰ লাহোৰ ২৮৩ ৰ AQI ৰে দ্বিতীয় স্থানত আছে। তাৰ পিছত কলকাতা ১৮৫ AQI লৈ তৃতীয় স্থানত আছে। ইয়াৰ পিছত মুম্বাই চতুৰ্থ স্থানত আছে, য’ত AQI 173 ৰেকৰ্ড কৰা হৈছিল। পাঁচ নম্বৰ স্থানত আছে উপসাগৰীয় দেশ কুৱেইটৰ ৰাজধানী কুৱেইট চহৰ, য’ত আইকিউএয়াৰে ১৬৫ একিউআই ৰেকৰ্ড কৰিছে। বাংলাদেশৰ ৰাজধানী ঢাকাক ষষ্ঠ স্থানত ৰখা হৈছে, য’ত একিউআইৰ স্থান ১৫৯। মধ্যপ্ৰাচ্যৰ আন এখন দেশ ইৰাকৰ ৰাজধানী বাগদাদ সপ্তম স্থানত আছে, য’ত বায়ুৰ গুণাগুণ ১৫৮। ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টা ১৫৮ একিউআইৰে অষ্টম স্থানত, কাটাৰৰ ৰাজধানী ডোহা ১৫৩ এএকিউআইৰে নৱম স্থানত আৰু চীনৰ য়ুহান চহৰ ১৫৩ এএকিউআইৰে দশম স্থানত আছে। এই চহৰসমূহত বসবাস কৰা লোকসকলে উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হৈছে।

Leave A Reply