Breaking

এই ৫ টা ফলে দুৰ্বল আৰু পাতল চুলিক মজবুত কৰে…

0 67

যদি আপোনাৰ চুলি পাতল আৰু দুৰ্বল, তেন্তে ইয়াৰ বাবে আপুনি কিছুমান ফলৰ মাস্ক চেষ্টা কৰিব পাৰে। ইয়াৰ ফলত চুলি মজবুত আৰু ডাঠ হ’ব পাৰে। যদি আপুনি দীঘল, ধুনীয়া আৰু ডাঠ চুলিৰ গৰাকী হ’ব বিচাৰে তেন্তে কিছুমান বিশেষ ধৰণৰ ফল আপোনাৰ বাবে উপকাৰি হ’ব। এই ফলবোৰত উপস্থিত থকা পুষ্টিকৰ উপাদানে আপোনাৰ চুলিক শক্তিশালী কৰি তুলিব। আপুনি এই ফল আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে নাইবা চুলিৰ মাস্ক বনাই ব্যৱহাৰ কৰিব পাৰে। এই ফল সমূহৰ বিষয়ে জানক-

ষ্ট্ৰবেৰী- টেঙা মিঠা ষ্ট্ৰবেৰীৰ খাবলৈ বৰ সোৱাদ। ইয়াৰ উপৰিও ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে যিয়ে শৰীৰক উপকৃত কৰাই নহয়, আপোনাৰ চুলিকো শক্তিশালী কৰিব পাৰে। মেগনেছিয়াম মেংগানিজ, লো ইয়াত প্ৰচুৰ পৰিমাণে থাকে। ষ্ট্ৰবেৰীৰ মাস্ক বনাইও চুলিত লগাব পাৰে।

কিউই- কিউইত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ইয়াৰ উপৰিও ইয়াত বিটা-কেৰটিন নামৰ এন্টিঅক্সিডেন্ট থাকে। যি চুলি মজবুত কৰাত অতি উপকাৰী। কিউই হেয়াৰ মাস্ক লগাব পাৰে। ইয়াৰ বাবে দুচামুচ কিউই পাল্প লওক। তাত এচামুচ নাৰিকল তেল দি ভালদৰে মিহলাই এই মিশ্ৰণটো মূৰৰ ছালত লগাব।

আপেলত থকা এন্টিঅক্সিডেন্ট চুলিৰ বাবে অতি উপকাৰী। ই চুলি সৰা ৰোধ কৰে আৰু চুলিৰ গুৰি শক্তিশালী কৰে। ফাটি যোৱা চুলিৰ সমস্যাও নাইকিয়া হৈ যায়। এনে ক্ষেত্ৰত আপেল হেয়াৰ মাস্ক লগাব পাৰে। ইয়াৰ বাবে আপেলৰ বাকলি উলিয়াই সৰু সৰুকৈ কাটি লওক। এতিয়া তাত এটা কণী দিব। তাত এচামুচ অলিভ অইল দি ভালদৰে মিহলাই লওক। এই হেয়াৰ মাস্কটো মূৰৰ ছাল আৰু চুলিত লগাওক। আধা ঘণ্টাৰ পিছত শ্বেম্পুৰে চুলি ধুব।

অমিতাত এনে বহুতো পুষ্টিকৰ উপাদান থাকে যিয়ে চুলি মজবুত কৰাত সহায় কৰে। আমিতাৰ চুলিৰ মাস্ক বনাবলৈ অমিতা দুচামুচ উলিয়াই তাত এচামুচ মৌ মিহলাই ডাঠ পেষ্ট প্ৰস্তুত কৰি লওক। এই হেয়াৰ মাস্কটো মূৰৰ ছাল আৰু চুলিত লগাই আধা ঘণ্টা ৰাখিব। এতিয়া চুলিখিনি চেম্পুৰে ধুব। ইয়াৰ ফলত আপোনাৰ চুলি কোমল হৈ পৰিব।

কলৰ দ্বাৰা তৈয়াৰী হেয়াৰ মাস্কেও আপোনাৰ চুলিক মজবুত আৰু ডাঠ কৰি তুলিব পাৰে। কলত ভিটামিন বি, ভিটামিন চি, পটাছিয়াম, এন্টিঅক্সিডেন্ট থাকে। যিয়ে চুলিক মজবুত আৰু ডাঠ কৰি তোলাত সহায় কৰে। কল এটা ভালকৈ গুড়ি কৰি লওক। এতিয়া তাত এচামুচ অলিভ অইল আৰু এচামুচ মৌ দি ভালদৰে মিহলাই লওক। এই মিশ্ৰণটো চুলিত থৈ দিব। আধা ঘণ্টাৰ পিছত চুলিখিনি চেম্পুৰে ধুব।

Leave A Reply