Breaking

এই ৫ টা পাচলি হৃদযন্ত্ৰৰ ভাল বন্ধু ! এই সমূহৰ সেৱনে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব…

0 60

ব্য়স্ততাপূৰ্ণ জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত এনে কিছু খাদ্য খাদ্য খাব লাগে যিয়ে হৃদৰোগ হ্ৰাস কৰিব পাৰে। বৃদ্ধৰ পৰা ডেকালৈকে প্ৰায়ে লোক হাৰ্ট এটেক, ষ্ট্ৰোক আৰু হাইপাৰটেনচনৰ বলি হৈছে। আজি আমি আপোনালোকক জনাম কোনবোৰ খাদ্য সেৱন কৰিলে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে-

আখৰোট- আখৰোট খালে আপোনাৰ কলেষ্টেৰলৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস হ’ব পাৰে। ইয়াৰ সহায়ত হৃদৰোগ হ্ৰাস কৰিব পাৰি। আচলতে আখৰোটত আঁহ, ওমেগা-৩ আৰু ফেটি এচিড থাকে। ইয়াৰ সহায়ত বেয়া কলেষ্টেৰল মাত্ৰা হ্ৰাস কৰিব পাৰি।

কমলা- হৃদৰোগৰ সম্ভাৱনা কম কৰিবলৈ কমলা টেঙাকো খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। ভিটামিন চি আৰু পটাছিয়াম কমলাত পোৱা যায়। ইয়াৰ উপৰিও কমলাত পেক্টিন পোৱা যায়। এই সকলোবোৰ উপাদানৰ সহায়ত আপুনি আপোনাৰ বি পি নিয়ন্ত্ৰণত ৰাখিব পাৰে। ইয়াৰ ফলত ৰক্তবাহী নলী সুস্থ হৈ থাকে আৰু উচ্চ বি পিৰ সমস্যা কমাব পাৰি। যেতিয়া আপোনাৰ বি পি নিয়ন্ত্ৰণত থাকিব, তেতিয়া আপোনাৰ হৃদৰোগৰ সম্ভাৱনা কম।

দৈ- কম চৰ্বিযুক্ত দৈ স্বাস্থ্যৰ বাবে উপকাৰি। ইয়াত পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। দৈ নিয়মীয়া সেৱনে হৃদস্পন্দন সঠিক কৰি ৰাখে। চৰ্বিযুক্ত মাছও খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। টুনা, মাগুৰ, চাৰ্ডিন আদিও খাব পাৰে।

সেউজীয়া শাক-পাচলি- খাদ্যত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াত সকলো ধৰণৰ পুষ্টিকৰ উপাদান থাকে। আইৰণ, কেলচিয়াম, ফাইবাৰ, পটাছিয়াম, ভিটামিন চি এই সমূহে হৃদৰোগ হ্ৰাস কৰাত সহায় কৰিব পাৰে। এই সকলোবোৰ খালে অক্সিজেন সমৃদ্ধ তেজ আপোনাৰ হৃদযন্ত্ৰলৈ সহজে আহিব। ইয়াৰ উপৰিও খাদ্যত কচু, সৰিয়হ, ব্ৰকলি আদি অন্তৰ্ভুক্ত কৰিব পাৰে।

Leave A Reply