Breaking

মূৰৰ বিষৰ পৰা হাত সাৰিবলৈ সেৱন কৰক এই সমূহ খাদ্য…

0 81

মূৰৰ বিষৰ সমস্যা অতি সাধাৰণ। এনে পৰিস্থিতিত মানুহে মূৰৰ বিষৰ পৰা সকাহ পাবলৈ ঔষধ অৰ্থাৎ বিষনাশক ঔষধ সেৱন কৰে। কিন্তু মূৰৰ বিষৰ পৰা হাত সাৰিবলৈ ঔষধৰ সলনি কিছুমান খাদ্য গ্ৰহণ কৰিব পাৰে। আচলতে কেতিয়াবা মূৰৰ বিষৰ বহু কাৰণ থাকে। ইয়াৰ কাৰণ আপোনাৰ খাদ্যও হ’ব পাৰে। খাদ্যত পুষ্টিকৰ উপাদানৰ অভাৱো মূৰৰ বিষৰ কাৰণ হ’ব পাৰে। আজি আমি আপোনালোকক এনে কিছুমান খাদ্যৰ বিষয়ে ক’ম, যিবোৰ সেৱন কৰিলে আপুনি মূৰৰ বিষৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে-


আপোনাৰ মূৰৰ বিষৰ সমস্যাৰ সমাধান কৰিব পৰা এবিধ ফল হৈছে আপেল। আপেলত পটাছিয়াম, আইৰণ, ফাইবাৰ আৰু ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায়। যদি আপুনি দৈনিক আপেল খায়, তেন্তে মূৰৰ বিষৰ সমস্যা ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰিব। আপেলত থকা পটাছিয়ামে মূৰৰ বিষৰ পৰা উপশম দিয়ে। একেদৰে কল, ভেণ্ডি, এভোকেডো, ৰাস্পবেৰী, বগৰী আৰু তৰমুজো খাব পাৰে।

যদি আপুনি প্ৰতিদিনে মূৰৰ বিষৰ সমস্যাত ভোগে তেন্তে খাদ্যত দৈ বা মাখন সেৱন কৰিবলৈ আৰম্ভ কৰক। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা মূৰৰ বিষ দূৰ কৰিব পাৰি। দৈত কেলচিয়াম থাকে, গতিকে দৈ খালে মূৰৰ বিষ ভাল হয়।

শৰীৰক যিমান পাৰি হাইড্ৰেটেড কৰি ৰাখক। এনে পৰিস্থিতিত নাৰিকল পানী অতি উপকাৰী। নাৰিকলৰ পানী খালেও মূৰৰ বিষৰ সমস্যা নিৰাময় হয়। নাৰিকল পানী হৈছে পুষ্টিকৰ উপাদানৰ ভঁৰাল। ইয়াত পটাছিয়াম, প্ৰটিন, ফাইবাৰ, ভিটামিন চি পোৱা যায়। ইয়াৰ ফলত শৰীৰৰ দুৰ্বলতা দূৰ হয় আৰু লগতে মূৰৰ বিষৰ সমস্যাৰ পৰাও সকাহ পোৱা যায়।

গতিকে এই সমূহ খাদ্য সেৱন কৰিও আপুনি মূৰৰ বিষৰ সমস্য়াৰ পৰা মুক্তি পাব পাৰে।

Leave A Reply