‘তেওঁলোকে চৰকাৰৰ ওপৰত বিশ্বাস হেৰুৱাইছে’: হিংসাৰ বলি হোৱা মণিপুৰীসকলৰ কাষত থিয় হৈ ক’লে ইণ্ডিয়াৰ প্ৰতিনিধিয়ে…

জাতিগত হিংসাত বিধ্বস্ত মণিপুৰলৈ আজি গমন কৰে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ প্ৰতিনিধি দলটোৱে। শনিবাৰে পুৱা ১৬ টা বিৰোধী দলৰ প্ৰায় ২০ জন প্ৰতিনিধিয়ে দিল্লী বিমানবন্দৰৰ পৰা মণিপুৰলৈ ৰাওনা হয়। ইম্ফল পোৱাৰ পিছত তেওঁলোকে হেলিকপ্টাৰেৰে চুৰাচান্দপুৰলৈ যাত্ৰা কৰে। চুৰাচান্দপুৰত ইণ্ডিয়াৰ প্ৰতিনিধি দলটোে জাগিগত সংঘৰ্ষত গৃহহাৰা হৈ আশ্ৰয় শিৱিৰত থকা লোকসকলক লগ কৰে। দলটোৱে দেওবাৰে মণিপুৰৰ ৰাজ্যপাল অনাচুয়া ৱিকেকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছে কংগ্ৰেছৰ সংসদীয় নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ, আৰডিজেৰ মনোজ কুমাৰ, আপৰ সুশীল গুপ্তা, কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু ডিএমকেৰ কানিমোঝিও ২০ জনীয়া প্ৰতিনিধিৰ দলটোত আছে। বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ সংসদীয় প্ৰতিনিধিৰ মণিপুৰ ভ্ৰমণকলৈ বিজেপিয়ে দিনটোৰ আৰম্ভণিতে মন্তব্য কৰিছিল।কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয়, “বিৰোধীয়ে মণিপুৰৰ পৰিস্থিতিক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি অস্থিৰতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে।’’ বিজেপিয়ে ভাৰত মিত্ৰজোঁটৰ প্ৰতিনিধিসকলে কেৱল ফটো চেছনৰ বাবেহে মণিপুৰলৈ গৈছে বুলি কৈছে।

মণিপুৰ ভ্ৰমণ কৰা ভাৰত মিত্ৰজোঁটৰ ২০ জন সাংসদে কয় যে তেওঁলোকে ৰাজনীতি কৰিবলৈ মণিপুৰলৈ যোৱা নাই বা শান্তিত ব্যাঘাত জন্মোৱা নাই। তেওঁলোকে মানুহৰ দুখ-কষ্ট ভাগ বতৰা কৰিবলৈহে তালৈ গৈছিল। প্ৰতিনিধি দলটোৱে চৰকাৰী সাহায্য শিবিৰত আশ্ৰয় লোৱা সকলৰ সৈতে কথা পাতে।চুৰাচান্দপুৰৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰা অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়, “তেওঁলোকৰ মুখমণ্ডলত প্ৰকট হৈছে যে তেওঁলোকে বহুত ভয় খাইছে। তেওঁলোকে কাৰো সৈতে কথা পাতিবলৈ সাহস নকৰা হৈছে। তেওঁলোকে জানে যে চৰকাৰে তেওঁলোকৰ কাষত থিয় নিদিয়ে। তেওঁলোকে চৰকাৰৰ ওপৰত বিশ্বাস হেৰুৱাইছে। এয়া এটা ভয়ানক পৰিস্থিতি।’’ “আমি ইয়াত মানুহৰ দুখৰ সমভাগী হ’বলৈ আহিছোঁ। ৰাজনীতি কৰিবলৈ নহয়। তেওঁলোকে আজি চিবিআইৰ কথা কৈছে। আগতে তেওঁলোক ক’ত আছিল?” টিএমচিৰ সুস্মিতা দেৱে কয়। উল্লেখ্য সংসদৰ ভিতৰত আৰু বাহিৰত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই নৰেন্দ্ৰ মোদী চৰকাৰক চাপত পেলাইছে। ঐক্যবদ্ধ বিৰোধী মিত্ৰজোঁটৰ আন্দোলনৰ বাবে মোদীয়ে দিকবিদিক হেৰুৱাই পেলাইছে। এনে পৰিস্থিতিত ইণ্ডিয়া এলায়েন্সৰ সাংসদসকলৰ মণিপুৰলৈ দুদিনীয়া ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে।

Related Articles