Breaking

এমাহঁতে পিতৃ মাতৃক হেৰুৱাই একপ্ৰকাৰৰ নিথৰুৱা হৈ পৰিছে ছিপাঝাৰৰ এটা পৰিয়ালৰ তিনিগৰাকীকৈ কন্যা সন্তান।

0 2,121

দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত কুৰুৱাৰ এটা পৰিয়াল আজি নিথৰুৱা। এমাহঁতে পিতৃ মাতৃক হেৰুৱাই একপ্ৰকাৰৰ নিথৰুৱা হৈ পৰিছে  তিনিগৰাকীকৈ কন্যা সন্তান। ছিপাঝাৰৰ ওপৰ কুৰুৱা গাঁৱৰ নিবাসী তথা পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী দিপালি দাসে ১২ মেত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। ইয়াৰ পিছতে কোভিদ মুক্ত হৈ ঘৰলৈ উভতি অহা দিপালি দাসৰ স্বামী নেপুৰ দাস কিছুদিন পিছত পুনৰ অসুস্থ হয়। আৰু গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও কিছুদিন পিছত তেখেতৰ মৃত্যু হয়। যাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে পৰিয়ালৰ বৰ্তমানৰ  নিবেদিতা দাস বনশ্ৰী দাস আৰু দর্শনা দাস নামৰ তিনি কন্যা সন্তান। পৰিয়ালৰ লোকে জানিব দিয়ামতে পিতৃ বোৰ্ড অফ চেকেণ্ডেৰী ত কাম কৰিছিল যিহেতু মেট্ৰিক পৰীক্ষা আহি আছে তাৰ কাৰণে পৰীক্ষাৰ বহি বিতৰণ কৰিবলৈ অন্য জিলালৈ গৈছিল তাতে তেওঁ কোৰানত আক্ৰান্ত হৈছিল। ঘৰলৈ অহাত সামান্য জ্বৰ কাহ হোৱাত GMCH ত ভৰ্তি কৰে। তাৰ পিছত আৰু অলপ স্বাস্থ্য ৰ অৱনতি ঘটে আৰু ডক্তৰে cvr lunch infection বুলি কয়। তাৰ পিছত দিছপুৰ পলি ক্লিনিক ৭ দিনমান চিকিৎসা কৰাৰ ফলত কৰুণা নেগতিভে হৈ ঘৰলৈ আহে। ঘৰত যিহেতু তিনিগৰাকী কন্যা সন্তান সেইকাৰণে দেউতাকৰ লগত লাগি আছিল । ইফালে মাকৰ জ্বৰ কাহ হৈছিল ।  চৰকাৰী হস্পিতালত ৰেপিড টেষ্ট কৰাত কভিড ৰিপোৰ্ট নেগতিভে আহিছিল সেইকাৰণে কোনো চিন্তা কৰা নাছিল। দেউতাক ঘৰলৈ অহাৰ কেইদিনমান পিছত মাকৰ মৃত্যু হয়। তাৰ কিছুদিন পিছত দেউতাকৰ lunch infection আৰু অক্সিজেন কম হোৱাৰ ফলত দেউতাকৰ মৃত্যু হয়। মাত্ৰ ২৩ দিনৰ ভিতৰত দুয়োৰে মৃত্যু হোৱাত এতিয়া নিথৰোৱা হৈ পৰিছে তিনি গৰাকী কৈ কন্যা। ৰাজ্য চৰকাৰলৈ এই তিনি গৰাকী কন্যা সন্তানে কাতৰ অনুৰোধ কৰিছে যাতে যোগ্য অনুযায়ী যি কোনো এজনক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে। 

Leave A Reply