Breaking

মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…

0 30

মহানগৰীৰ নিচেই কাষত থাকিও তেওঁলোক আছিল হাজাৰ যোজন নিলগত। অনাগ্ৰসৰতাই বেৰি কুৰি আছিল সামগ্ৰিক সমাজ ব্যৱস্থাক। আজিও মসৃণ নহয় তেওঁলোকৰ সমাজ ব্যৱস্থা। ইয়াৰ মাজতে চলিত বছৰত মেট্ৰিকৰ দেওনা পাৰ কৰিছে তেওঁলোকে। আন বহু ছাত্ৰ ছাত্ৰীতকৈ কিছু পৃথক তেওঁলোক। তেওঁলোকৰ দুচকুত হাজাৰ স্বপ্ন। কিন্তু দেখাত তেনেই অবুজ তেওঁলোক । অৱশ্যে ইয়াৰ এটা কাৰণ নথকা নহয়। তেওঁলোকৰ মাক-দেউতাক তথা অভিভাৱক সকলো যেন দিশহাৰা। বহুতৰ বাবেই তেওঁলোকৰ ঘৰ বা সমাজ খনত মেট্ৰিক পৰীক্ষাত ঊত্তীৰ্ণ বিষয়টো এক দিবা স্বপ্ন। কাৰণ তেওঁলোকৰ বহুতেই শিক্ষা কি বস্তু, সেয়া এতিয়াও সম্পূৰ্ণ বুজি উঠা নাই। স্থানডোখৰ মহানগৰৰ নিচেই কাষত যদিও অনুভৱ যেন বহু দুৰৰ। পূৰ্বে ঠাই ডোখৰ বেছ দুৰ্গম আছিল। মানুহৰ যাতায়ত সীমাবদ্ধ আছিল। আধুনিক বিশ্বই তেওঁলোকক সঠিকভাবে স্পৰ্শ কৰিব পৰা নাছিল। বাট পথ, যোগাযোগ তথা সমাজ ব্যৱস্থা আছিল তেনেই তথৈবচ। অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক লোকেই জন জাতীয়। বিশেষকৈ বাগানিয়া। অধিক সংখ্যক বাগানিয়া লোকে স্থানীয় আমচং চাহ বাগিচাত কাম কৰে। আজিৰ পৰা দুই তিনিবছৰ আগলৈকে সপ্তাহত এবাৰ মাত্ৰ সোণাপুৰ বজাৰলৈ যোৱাটোয়েই প্ৰধানত তেওঁলোকৰ বহি:বিশ্বৰ সৈতে একমাত্ৰ যোগসূত্ৰ আছিল।

বাগানৰ মাহেকীয়া বেতনৰ দিনটো তেওঁলোকৰ বাবে উৎসৱ যেন হৈ পৰিছিল। হয়টো পৰবৰ্তী দুদিন ধৰি উৎসৱৰ নিচাত তেওঁলোক কাম বা বাগানলৈও নগৈছিল। ওচৰত কিবা উৎসৱ বা বিয়া সকাম হলে মাক বাপেক তথা অভিভাৱক সকল কামলৈ নোযোৱাৰ লগতে সন্তান সকলৰ বাবেও বিদ্যালয় যোৱাটো বন্ধ হৈ পৰিছিল। ক্ৰমশঃ এনে এক পৰিবেশৰ মাজেৰে চলি থকা সমাজ খনৰ নিকটবৰ্তী অঞ্চলটোত বিদ্যালয় হিচাপে একমাত্ৰ প্ৰাথমিক বিদ্যালয়খন থকাৰ বাদে উচ্চ বিদ্যালয়ৰ বাবে ডিগাৰোলৈ ৪-৫ কিলোমিটাৰ বাট যাব লগীয়া হৈছিল । ইয়াৰ মাজতে সামগ্ৰিক ভাবে অঞ্চলটোৰ পৰা ২-৩ জনে শিক্ষাৰ্থীয়ে প্ৰবেশিকা পৰীক্ষাত ঊত্তীৰ্ণ হৈছিল। পৰবৰ্তী পৰ্যায়ত ২০২২ বৰ্ষত চৰকাৰী প্ৰচেষ্টাত আমচং চাহ বাগিছা আদৰ্শ উচ্চ বিদ্যালয়খনে প্ৰাণ পাই উঠাৰ সমান্তৰাল ভাৱে অঞ্চলটোৰ বাট পথ তথা যাতায়ত ব্যৱস্থাৰ নাটকীয় পৰিৱৰ্তন অহাত সামগ্ৰিক ভাবে অঞ্চলটোলৈ এক উল্লেখযোগ্য পৰিবৰ্তন তথা এক অনন্য বাতাবৰণৰ সৃষ্টি হল। অঞ্চলটোৰ লোক সকলৰ বহি বিশ্বৰ সৈতে পোনপতিয়া যোগাযোগ স্থাপন হ’ল।


ইয়াৰ মাজতে চলিত বছৰত এই সকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হল। অৱশ্যে এই ফলাফল অসমৰ অন্যান্য স্থানৰ চাহ বাগান বিদ্যালয়তকৈ নিম্নগামি অথবা সুকীয়া যদিও ইয়াৰ সৈতে আন স্থানৰ ফলাফল নিমিলাৰ মূল কাৰণটোৱেই হল অনা গ্ৰসৰতা। আৰু এই অনা গ্ৰসৰতা কিছু পৃথক। প্ৰসঙ্গত বিদ্যালয়খনৰ প্ৰধান শিক্ষক উপেন গোস্বামীয়ে জানিবলৈ দিয়া মতে অঞ্চলটো শেহতীয়াকৈ যথেষ্ট উন্নত হৈছে যদিও পঢ়া শুনাৰ ক্ষেত্ৰত এতিয়াও ছাত্ৰ ছাত্ৰী তথা মাক বাপেকৰ অনিহা বিদ্যমান। আনকি এই স্থানৰ বহু লোকৰ বাবে লৰা ছোৱালী বিদ্যালয়লৈ যোৱা মানে ঘৰ খনৰ বাবে সমস্যাহে। কাৰণ ইয়াৰে কোনোবাটো পৰিয়ালৰ পুৰুষ জন বেমাৰী বা অসুস্থ বাবে মহিলা গৰাকী কামলৈ যাব লগীয়া হোৱা বাবে সন্তানে ঘৰ বা নিজৰ ভাই ভনী কেইটাক চাব লগীয়া হয় । আনকি বহু কেইজন ছাত্ৰই বাগানৰ লাইনত অথবা আন স্থানত পৰিয়াল পোহ পাল দিবৰ বাবেই কাম কৰিবলৈ যাব লগীয়া হয়। ইয়াৰে বহুতে আকৌ পঢ়াৰ সলনি তামোল গছ বগাই বা কেতেপা মাৰিহে ভাল পায়। সেয়েহে ইয়াৰ মাজতে বহু ছাত্ৰ ছাত্ৰী তথা অভিভাৱকক বুজাই বঢ়াই বিদ্যালয়লৈ আনিব লগীয়া হয়। তথাপি ইয়াৰ মাজতেই আন বহুক্ষেত্ৰত ব্যতিক্ৰম হৈ উঠিছে এই বিদ্যালয়খন। ছাত্ৰ ছাত্ৰী সকলৰ দক্ষতা আন বহু ক্ষেত্ৰটো ব্যতিক্ৰম ৰূপে পৰিগণিত হৈছে। বিদ্যালয়খনলৈ যেতিয়া সোমাই গৈছিলো, প্ৰবেশ পথত ৰৈ থকা ছাত্ৰ ছাত্ৰী কেইজনে আমাক বিদ্যালয় খনলৈ নমস্কাৰ জনাই সম্ভাষন জনাইছিল। আৰু যেতিয়া বিদ্যালয়খনত অনুষ্ঠিত বিশেষ সম্বৰ্দ্ধনা আৰু বৃত্তি প্ৰদান সভাখন সামৰণি পৰিছিল, তেতিয়া সম্বৰ্দ্ধনা প্ৰাপ্তি ছাত্ৰ ছাত্ৰী কেইগৰাকীয়ে মঞ্চলৈ উঠি আহি এই প্ৰতিবেদককে ধৰি নিৰ্দিষ্ট বক্তা কেইজনৰ পৰা চৰণত ধৰি আশীষ লৈছিল। এনেদৰেই এক নৈতিক শিক্ষাৰে শিক্ষিত মহানগৰীৰ নিকটবৰ্তী আমচং চাহ বাগিছা আদৰ্শ উচ্চ বিদ্যালয়ৰ পৰা চলিত বছৰত প্ৰথম বছৰৰ বাবে মেট্ৰিক পৰীক্ষাত অবতীৰ্ণ মুঠ ২৪ জন ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা ১২ জন ছাত্ৰ ছাত্ৰীৰ ১১ জনে দ্বিতীয় আৰু ১ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। বিদ্যালয় খনৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য তথা আমচং চাহ বাগানৰ শ্ৰমিক ইউনিয়নৰ সম্পাদক সুভাষ ৰামদেয়ৰ মতে অসম চৰকাৰৰ শেহতীয়া প্ৰদক্ষেপ অনুযায়ী বিদ্যালয়খন স্থাপন হোৱাৰ পিছত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ শৃংখলাবদ্ধতা বহু পৰিমাণে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আজিৰ তাৰিখত ছাত্ৰী ছাত্ৰীকে ধৰি অভিভাৱক সকলৰ মাজত পঢ়া শুনাৰ গুৰুত্ব আৰু চেতনা ক্ৰমশঃ বৃদ্ধি পাইছে। ইয়াকে লৈ শেহতীয়াভাবে বিদ্যালয়খনৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি।


বিদ্যালয়খনত অলপতে প্ৰয়াত অনিমা শৰ্মা স্মৃতি ন্যাসৰ উদ্যোগত এইবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ন হোৱা এই ছাত্ৰ-ছাত্ৰী সকলক সম্বদ্ধনা জনোৱাৰ উদেশ্যে এক সম্বদ্ধনা সভাৰ লগতে শিক্ষক-আভিভাৱক সভাৰ আয়োজন কৰা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীয়ে আঁত ধৰা সভাখনৰ আৰম্ভণিতে আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ লগতে জেষ্ঠ বাদ্যযন্ত্ৰ শিল্গী ধীৰাজ সিংক বিদ্যালয়ৰ তৰফৰ পৰা বিশেষভাৱে সম্বদ্ধনা জনোৱা হয়। প্ৰয়াত অনিমা শৰ্মা স্মৃতি ন্যাসৰ উদ্যোগত সাত গৰাকী ছাত্ৰ-ছাত্ৰীক এককালীন আৰ্থিক অনুদান প্ৰদান কৰে নুনমাটি শিৱম নগৰৰ বাসিন্দা, ভাৰতীয় তেল নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা প্ৰয়াত অনিমা শৰ্মাৰ সুযোগ্য স্বামী দিলীপ শৰ্মাই। সম্বৰ্দ্ধনা সভাত উপস্থিত থাকি লেখক তথা সমাজ সংগঠক ভৱেন চন্দ্ৰ দাসে উপস্থিত অভিভাৱক ছাত্ৰ-ছাত্ৰীক উদেশ্যি অভিৰোচন মূলক বক্তৃত্বা প্ৰদান কৰে। ভৱেন চন্দ্ৰ দাসৰ লগতে লেখক বিজু বৰাই যৌথভাৱে আগবঢ়োৱা অৰ্থসাহাৰ্যৰে সদ্য মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী-অসমীয়া অভিধানৰ লগতে একোখনকৈ ডায়েৰী আৰু কলম প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকি নুমলীগড় ৰিফাইনেৰী অভিযন্ত্ৰা বিষয়া অনিল ডেকাই ছাত্ৰ-ছাত্ৰীয়ে যাতে আগন্তুক বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰে সেই বিষয়ে উৎসাহিত কৰিবলৈ শিক্ষাৰ্থীৰ বাবে বঁটা ঘোষণা কৰে। চৰকাৰী বিদ্যালয়ৰ এক গুৰুতৰ সমস্যা হৈছে ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত অনিয়মীয়া উপস্থিতি। অনুষ্ঠানত উপস্থিত থাকি লেখক-সাংবাদিক উৎপল শইকীয়াই এই সমস্যা সমাধানৰ বাবে বৰ্ষটোৰ ভিতৰত সৰহ দিন উপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ বাবে পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰে। শিক্ষা বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ সমল ব্যক্তি তথা ৰাজ্যিক বঁটাপ্ৰাপ্ত কৃতী শিক্ষক নাৰায়ণ শৰ্মাই ছাত্ৰ-ছাত্ৰীৰ গণিতভীতি দূৰীকৰণৰ বাবে বিভিন্ন কৌশল অৱগত কৰাৰ লগতে আগন্তুক বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা গণিত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা দুগৰাকী শিক্ষাৰ্থীক বঁটা প্ৰদান কৰিব বুলি ঘোষণা কৰে।

বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সুভাষ ৰামদেয়ে পোন প্ৰথমবাৰৰ বাবে বিদ্যালয়খনৰ পৰা বাৰ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা বাবে গৌৰৱ অনুভৱ কৰে। উল্লেখ্য যে ২০২২ বৰ্ষত ১২৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰে আৰম্ভ হোৱা বিদ্যালয়খনত এই বৰ্ষত ২১৫ গৰাকীলৈ বৃদ্ধি হৈছে। ছাত্ৰ-ছাত্ৰী বহিবৰ বাবে পৰ্যাপ্ত ডেস্ক-বেঞ্চৰ অভাৱ। সেয়েহে বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু ছাত্ৰ একতাৰ আবেদন মৰ্মে সম্বদ্ধনা সভাত উপস্থিত থকা ভাৰতীয় তেল নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া দিলীপ শৰ্মাই তেখেতৰ প্ৰয়াত সহধৰ্মিনী অনিমা শৰ্মা স্মৃতি ন্যাসৰ পৰা প্ৰয়োজনীয় ফাৰ্নিচাৰ আৰু ডেস্ক-বেঞ্চ কিনিবৰ বাবেএকলাখ টকাৰ অনুদান আগবঢ়ায়। দিলীপ শৰ্মাদেৱে তেখেতৰ বক্তব্যত উল্লেখ কৰে যে মানৱ সম্পদ গঢ়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে মাতৃসকলে। সেয়েহে শিক্ষক-অভিভাৱক সভাত উপস্থিত থকা মাতৃসকলক সজাগ কৰাৰ উদেশ্যে চলিত শিক্ষাবৰ্ষৰ পৰা দুজন শ্ৰেষ্ঠ মাতৃক নিৰ্বাচন কৰি বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰে। প্ৰায় ডেৰ শতাধিক অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থকা সম্বদ্ধনা সভাখনত শিক্ষক ক্ৰমান্বয়ে ৰাতুল বৰা, দিলীপ পাল, যদুমনি দিহীঙিয়া, বৰ্ণালী তালুকদাৰ, মুনমী বৰুৱা, কুলদীপ শেনচোৱা, দামোদৰ লহকৰ আৰু কামদেৱ কৰ্মকাৰে বিগত দুটা বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ বাবে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপ আৰুকৰ্মৰ বিষয়ে অৱগত কৰে।

লেখকঃ উৎপল শইকীয়া

Leave A Reply