
Thief । দিন দুপৰতে বিলাসী বাহন লৈ ছাগলী চুৰি কৰিবলৈ আহি আজি ৰহা থানাৰ অন্তৰ্গত বাৰপূজীয়াত ৰাইজৰ হাতত আটক হ’ল দুই যুৱক।
চোৰ দুটা নগাঁও বেবেজীয়াৰ অংকুৰ দাস আৰু ৰূপজ্যোতি বনিয়া৷ জানিব পৰা মতে চোৰ দুটাই পথৰ কাষত চৰি থকা ছাগলী বিলাসী বাহনখনত উঠাবলৈ লওঁতেই দূৰৰ পৰা প্ৰত্যক্ষ কৰি থকা স্থানীয় লোকে চোৰ দুটাক ধৰি আঠু কঢ়াই শোধালে উত্তম মধ্যম। ঘটনাটো সংঘটিত হৈছে ৰহাৰ বাৰপূজীয়া অমৰাৱতীত।
চোৰে ব্যৱহাৰ কৰা বিলাসী বাহনখনৰ নম্বৰ হৈছে এএচ ০২ এ কে ২৩০০ (AS 02 AK 2300) বাহনখনত এডভোকেটৰ ষ্টিকাৰ লগোৱা আছে৷ পিছত স্থানীয় লোকে ৰহা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুয়োটাকে থানালৈ লৈ যায়।

