টংলাত পানী মটৰৰ সৈতে চোৰক গ্ৰেপ্তাৰ

ওদালগুৰি জিলাৰ টংলা নগৰৰ তিনি নং ৱাৰ্ডৰ বাবুপাৰাত এক গোপন সূত্ৰৰ পম খেদি এটা মটৰ চোৰক গ্ৰেপ্তাৰ কৰে টংলা আৰক্ষীয়ে।টংলাৰ পুত্ৰ বিশ্বজিৎ কৰ(২৫)ক আটক কৰিবলৈ সক্ষম হয়।

বিগত কিছুদিন ধৰি টংলা নগৰৰ এক ,দুই ,তিনি আৰু চাৰি নং ৱাৰ্ডৰ ব্যক্তিগত ঘৰত বা ৰাজহুৱা অনুষ্ঠান- প্ৰতিষ্ঠানত পানী মটৰ চুৰ কৰি চোৰে নিদ্ৰাহৰণ কৰি আহিছিল ।উক্ত গোচৰ সন্দৰ্ভত টংলা আৰক্ষীয়ে ২৩/২২-৪৫৭/৩৮০ আই পি চি নম্বৰত এটি গোচৰ ৰুজো কৰে।

Related Articles