Breaking

মৰাণৰ মছজিদত দানপাত্ৰ ভাঙি চোৰৰ চাফাই অভিযান…

0 44

প্ৰতিকুল বতৰৰ মাজতে চোৰৰ চকু ধৰ্মীয় অনুষ্ঠানত । ৰাজ্যত আইন শৃংখলাৰ ব্যাপক অৱনতি । মৰাণৰ মাজ মজিয়াত চোৰে মছজিদত চলালে চাফাই অভিযান | খবৰে নাপালে মৰাণ আৰু মৰাণহাট দুখন কৈ আৰক্ষী থানাই। চোৰৰ অতপালি বাঢ়িছে দিনক দিনে।মন্দিৰ, মছজিদ, নামঘৰ একোৱেই সাৰি যোৱা নাই চোৰৰ হাতৰ পৰা | এইবাৰ চোৰৰ হাতুৰীৰ কোব পৰিল মছজিদত । নিশা মৰাণৰ জামে মছজিদৰ দানপাত্ৰ ভাঙি চোৰে লুটি নিলে প্ৰায় ৫০ হাজাৰকৈ টকা।

তিনিটাকৈ দানপাত্ৰ ভাঙি লণ্ডভণ্ড কৰিলে চোৰে । যাৰ বাবে ৰাইজ হতচকিত হৈ কাষ চাপিছে আৰক্ষীৰ । মৰাণ নগৰৰ কাষতে থকা মছজিদটোত চোৰে লুটপাট চলোৱাত আৰক্ষীৰ নিৰাপত্তাক লৈও প্ৰশ্ন তুলিছে ৰাইজে । ইয়াৰ পূৰ্বেও মৰাণ নগৰৰ কাষতে থকা কেইবাটাও নামঘৰ আৰু মন্দিৰত চোৰে চাফাই অভিযান চলাই বহু মূল্যৱান সামগ্ৰী লুটি নিছিল।

Leave A Reply