Breaking

মৰাণৰ মছজিদত তিনিটা দানপাত্ৰ ভাঙি চোৰৰ চাফাই অভিযান

0 27

প্ৰতিকুল বতৰৰ মাজতে চোৰৰ চকু ধৰ্মীয় অনুষ্ঠানত৷ ৰাজ্যত আইন শৃংখলাৰ ব্যাপক অৱনতি৷ মৰাণ নগৰৰ মাজ মজিয়াত চোৰে মছজিদত চলালে চাফাই অভিযান৷

খবৰেই নাপালে নগৰত থকা মৰাণ আৰু মৰাণহাট দুয়োখন আৰক্ষী থানাই৷ নিশা তহলৰ নামত কি কৰে তহলদাৰী আৰক্ষীয়ে ?

চোৰৰ অতপালিত এতিয়া নিদ্ৰাহীন মৰাণৰ ৰাইজ। মন্দিৰ, মছজিদ, নামঘৰ একোৱেই সাৰি যোৱা নাই চোৰৰ হাতৰ পৰা৷ এইবাৰ চোৰৰ হাতুৰীৰ কোব পৰিল মছজিদত৷

নিশা মৰাণৰ জামে মছজিদৰ দানপাত্ৰ ভাঙি চোৰে লুটি নিলে প্ৰায় ৫০ হাজাৰকৈ টকা৷ তিনিটা কৈ দানপাত্ৰ ভাঙি লণ্ডভণ্ড কৰিলে চোৰে৷ যাৰ বাবে ৰাইজ হতচকিত হৈ কাষ চাপিছে আৰক্ষীৰ৷

মৰাণ নগৰৰ নিচেই কাষতে থকা মছজিদটোত এনেদৰে চোৰে লুটপাট চলোৱাত আৰক্ষীয়ে দিয়া নিৰাপত্তাক লৈও প্ৰশ্ন তুলিছে ৰাইজে৷

ইয়াৰ পূৰ্বেও মৰাণ নগৰৰ নিচেই কাষতে থকা কেইবাটাও নামঘৰ আৰু মন্দিৰত চোৰে চাফাই অভিযান চলাই বহু মূল্যবান সামগ্ৰী লুট কৰি নিছিল বুলি জানিব পৰা গৈছে৷

Leave A Reply