৫০ বছৰ বয়সত পুনৰ পিতৃত্ব অৰ্জন এইগৰাকী অভিনেতাৰ! পত্নী নহয়; প্ৰেমিকাই জন্ম দিলে পুত্ৰ সন্তান…

এইগৰাকী বলীউডৰ জনপ্ৰিয় ৫০ বছৰীয়া তাৰকা, নাম অৰ্জুন ৰামপাল। কেইমাহমান পূৰ্বে অভিনেতা অৰ্জুনে এটা পোষ্ট শ্বেয়াৰ কৰিছিল যে গেব্ৰিয়েলা আৰু তেওঁ পুনৰ পিতৃ-মাতৃ হ’ব। ইয়াৰ পিছত গেব্ৰিয়েলাই গৰ্ভাৱস্থাৰ ফটোশ্বুটও কৰিছিল যি ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। অৱশেষত গেব্ৰিয়েলা ডেমেট্ৰিয়ে এটি পুত্ৰ সন্তান জন্ম দিলে। ৫০ বছৰীয়া অৰ্জুনে এই তথ্য ছ’চিয়েল মিডিয়াত ৰাইজক জনাই লগতে কয় আমাৰ এটি ল’ৰা সন্তান জন্ম হোৱাৰ বাবে মই আৰু মোৰ পৰিয়ালটো অতি সুখী। মাক আৰু সন্তান দুয়োজনেই সুস্থ। চিকিৎসক আৰু নাৰ্ছক ধন্যবাদ জনাই অভিনেতাগৰাকীয়ে। আচলতে গেব্ৰিয়েলা ডেমেট্ৰি অভিনেতা অৰ্জুন ৰামপালৰ প্ৰেমিকা। তেওঁলোক এতিয়াও বিবাহপাশত আৱদ্ধ হোৱা নাই। বিবাহপাশত আৱদ্ধ নোহোৱাকৈয়ে তেওঁলোক দুটি সন্তানৰ পিতৃ -মাতৃ হ’ল।

অৰ্জুন আৰু তেওঁৰ প্ৰেমিকা গেব্ৰিয়েলা ডেমেট্ৰিৰ প্ৰেমৰ সম্পৰ্ক প্ৰায় পাঁচ-ছয় বছৰ হ’ল। ২০১৯ চনত তেওঁলোকে প্ৰথম সন্তানক আদৰণি জনাইছিল, যাৰ নাম আৰিক ৰামপাল। ২০১৯ চনত অৰ্জুনৰ প্ৰথম বিবাহ বিচ্ছেদ হয়। প্ৰথম পত্নী মেহেৰ জেছিয়াৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হৈছিল। কিন্তু তেওঁলোকৰ দুগৰাকী কন্যা মহিকা ৰামপাল আৰু মাইৰা ৰামপালৰ দায়িত্ব দুয়োৱে লয়।

Related Articles