Breaking

নিমখ খাবলৈ এৰি দিয়াৰ পিছত শৰীৰত এই পৰিৱৰ্তনে দেখা দিয়ে, অৱহেলা নকৰিব…

0 103

আজিকালি প্ৰায় মানুহেই খোৱা নিমখৰ পৰিমাণৰ প্ৰতি গুৰুত্ব দিছে। মানুহৰ মতে নিমখ ত্যাগ কৰিলে বহু ৰোগৰ পৰা হাত সাৰিব পাৰি।কাৰণ নিমখ আমাৰ স্বাস্থ্যৰ বাবে বেয়া বুলি কোৱা হয়। কিন্তু নিমখত এটা গুৰুত্বপূৰ্ণ ইলেক্ট্ৰলাইট থাকে যিয়ে আমাৰ শৰীৰক স্বাভাৱিকভাৱে কাম কৰাত সহায় কৰে। সেইবাবেই খাদ্যৰ পৰা নিমখ সম্পূৰ্ণৰূপে বাদ নিদিব লগতে জানক নিমখৰ অভাৱত শৰীৰত কি প্ৰভাৱ পৰে?

নিমখৰ অভাৱত শৰীৰত এই পৰিৱৰ্তনে দেখা যায়-
বৃক্কত অসুবিধা-
যদি আপুনি খাদ্যত নিমখৰ পৰিমাণ কমাই, তেন্তে ইয়াৰ প্ৰভাৱ বৃক্কতো পৰে। ই কেৱল আপোনাৰ ৰক্তচাপৰ বাবেই নহয় বৰঞ্চ আপুনি খোৱা ছডিয়ামৰ পৰিমাণৰ দ্বাৰা ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে।
ওজন কম হয়
যদি আপুনি নিমখ খোৱা বন্ধ কৰে তেন্তে আপুনি দেখিব যে লগে লগে আপোনাৰ ওজন কেইকিলোমান কমি গৈছে। হয়তো পানীৰ ওজন কমিছে। কাৰণ যেতিয়া আপুনি ছডিয়ামৰ পৰিমাণ কমাব তেতিয়া কেৱল পানীৰ ওজন কম হয়। গতিকে যদি আপুনি নিমখ খোৱা বন্ধ কৰি দিছে আৰু আপোনাৰ ওজন কমিছে তেন্তে ইয়াক আওকাণ নকৰিব।

Leave A Reply